ৰবীন্দ্ৰ ভৱনত ’নটসূৰ্য’ৰ নাট সমাৰোহত ‘বায়ন’ মঞ্চস্থ

ৰবীন্দ্ৰ ভৱনত ’নটসূৰ্য’ৰ নাট সমাৰোহত ‘বায়ন’ মঞ্চস্থ

ৰঙিলী বাৰ্ত্তাসেৱা- ‘নটসূৰ্য’ সোঁৱৰণী উদ্‌যাপন সমিতিৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়,অসমৰ সহযোগত ৰবীন্দ্ৰ ভৱন প্ৰেক্ষাগৃহত ‘নটসূৰ্য’ৰ ২৫ সংখ্যক চাৰিদিনীয়া নাট সমাৰোহত ‘অৰ্চনা মহন্ত সোঁৱৰণী নাট্য সন্ধ্যা’ত নেশ্বনেল স্কুল অৱ ড্ৰামাৰ ৰেপাৰেটৰি গ্ৰুপে নিবেদন কৰে মহেশ্বেতা দেৱীৰ কাহিনীৰ আধাৰত নিৰ্মিত ঊষা গাংগুলীৰ নাট্যৰূপ,পৰিকল্পনা আৰু পৰিচালনাৰে সমৃদ্ধ নাটক ‘বায়ন’৷সন্ধিয়াৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পবন বৰঠাকুৰে৷নাটখনত পৰাগ বৰুৱা,শিকান্দ্ৰ কুমাৰ,আমিৰ খান,সুমন পুৰ্তি,পোষ্ঠাংগাবাং ৰীতা দেৱী,নিয়তিৰেন প্ৰবীন ভাই ৰাথোড়,অনামিকা সাগৰ,পুলক জয়চৰীয়া,মজিবুৰ ৰহমান,আশুতোষ বেনাৰ্জী,অজয় কুমাৰ,ভূৱনেশ্বৰ মহিলানে,সৌৰভ গুৰু দাস মেশৰাম,বিপিন দেবি আশাৰাও,নবীন সিং ঠাকুৰ,মৃদুল চাউলা,ৰাহুল কুমাৰ,জিতু ৰাভা,বিশ্বেশ্বৰ জিয়ে অভিনয় কৰে৷নাটত আৱহ সংগীত কাজল ঘোষৰ,পোহৰ নিয়ন্ত্ৰণ সৌটি চক্ৰৱৰ্তীৰ,কলা নিৰ্দেশনাত সঞ্চয়ন ঘোষৰ৷‘নগেন শৰ্মা সোঁৱৰণী নাট্য সন্ধ্যা’ত মঞ্চস্থ হ’ব মুম্বাইৰ দ্য ফিল্ম এন্দ থিয়েটাৰ ছ’চাইটিৰ ’বালিগঞ্জ-১৯৯০’৷অতুল সত্য কৌশিকৰ দ্বাৰা পৰিচালিত এই নাটত অভিনয় কৰিব মুম্বাইৰ জনপ্ৰিয় অভিনেতা অনুপ চোনি আৰু নিষ্ঠা পালিবালে৷