ৰবীন্দ্ৰ ভৱনত ড° ভবেন্দ্ৰ নাথ শইকীয়া নাট সমাৰোহ উদ্বোধন

ৰবীন্দ্ৰ ভৱনত ড° ভবেন্দ্ৰ নাথ শইকীয়া নাট সমাৰোহ উদ্বোধন

ৰঙিলী বাৰ্ত্তাসেৱা-  আমাৰ যিটো লৰালি কাল আছিল,সেই সময়ৰ আমাৰ মন জগতখন আগুৰি থকা কেইজনমান ব্যক্তিৰ ভিতৰত শইকীয়া ছাৰ আছিল অন্যতম৷-এই মন্তব্য অসম চৰকাৰৰ আয়ুক্ত সচিব,গৃহ,ৰাজনৈতিক পৰিক্ৰমা,তথ্য আৰু জন সংযোগ বিভাগৰ দায়িত্বত থকা প্ৰশাসনীয় বিষয়া দিগন্ত বৰাৰ৷ আৰোহণ,ভবেন্দ্ৰ নাথ শইকীয়া শিশু কল্যাণ ন্যাসৰ উদ্যোগত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত ৰবীন্দ্ৰ ভৱন প্ৰেক্ষাগৃহত আয়োজন কৰা ড° ভবেন্দ্ৰ নাথ শইকীয়া নাট সমাৰোহ উদ্বোধন কৰি এইদৰে কয় বৰাই৷তেওঁ পুনৰ কয়-শইকীয়া ছাৰ কি নাছিল৷তেওঁৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি৷আৰম্ভণি হৈছিল সঁফুৰাৰ পৰা৷সঁফুৰাৰ এই সঁচাও নহয় মিছাও নহয়ৰ পৰা আৰম্ভ কৰি শিষ্ট পুষ্ট- মহাদুষ্টলৈ৷সেই যিটো আমাৰ এটা মানসিক ছবি আনি,সেই সময়তে নিজৰ ভিতৰত এটা কথা আঁকি লৈছিলো৷সেই ছবিখিনি এতিয়াও চলি আছে৷সাংস্কৃতিক কৰ্মী ইন্দ্ৰজিৎ দাসে আঁত ধৰা অনুষ্ঠানৰ প্ৰাৰম্ভণিতে প্ৰশাসনীয় বিষয়া দিগন্ত বৰাই ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে৷সহযোগ কৰে ন্যাসৰ সদস্যবৃন্দই৷তেওঁক আৰনাই,ফুলৰ থোপা,স্মাৰক,কিতাপৰে সন্মান জনোৱা হয়৷অনুষ্ঠানত মুখ্য ন্যাসৰক্ষী প্ৰীতি শইকীয়া,ন্যাসৰক্ষী তথা সচিব মলয়া গোস্বামী,ন্যাসৰক্ষী ডা° হেমেন বৰ্মন,নুৰুদ্দিন আহমেদ,গোপাল জালান,চেতনা দাস আদি উপস্থিত থাকে৷নাট সমাৰোহত ড° শইকীয়াৰ উপন্যাস অন্তৰীপৰ আধাৰত ’বাৰ্ণ আউট’ নাটখন মঞ্চস্থ হয়৷পাৰদম ষ্ট্ৰাষ্টে নিবেদন কৰা নাটখনৰ নাট্যৰূপ আৰু পৰিচালনাৰ লগতে অভিনয় কৰে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক বৰ্ণালী মেধিয়ে৷মঞ্চ সজ্জা,সংগীত পৰিচালনা চাহিদুল হক,পোহৰত তপন কুমাৰ বৰুৱা,সংগীত প্ৰক্ষেপণত ৰিতুৰাজ গগৈ,মঞ্চ ব্যৱস্থাপনাত হিমাংশু দেউৰী৷ দ্বিতীয়খন নাট গুৱাহাটীৰ উইন্দছংকছে নিবেদন কৰে ’বগা ডাৱৰৰ নাও’৷নাট্যকাৰ,পৰিচালনা কৌশিক নাথে পৰিচালনা কৰা নাটখনত ডৰথী ভৰদ্বাজ আৰু হিমাংশু গগৈয়ে অভিনয় কৰে৷নাটখনৰ সংগীত পৰিচালনা তৰালি শৰ্মা,পোহৰ ব্যৱস্থাপনাত ডিম্পল দাস,দৃশ্য সজ্জা শিৱম শইকীয়া,সংগীত ব্যৱস্হাপনাত মুক্তি মুহুৰ্ত হাজৰিকা৷ড° শইকীয়াৰ ওপজা দিন উদ্‌যাপন তথা বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব৷