ৰবীন্দ্ৰ ভৱনত ‘কুকুৰনেচীয়া মানুহ’

pc.Wikipedia

ৰবীন্দ্ৰ ভৱনত ‘কুকুৰনেচীয়া মানুহ’

ৰঙিলী বাৰ্ত্তাসেৱা-  অৰুণ শৰ্মা থিয়েটাৰ আৰু অৰুণ শৰ্মা স্মৃতি ন্যাস সমিতিৰ উদ্যোগত মহানগৰীৰ ৰবীন্দ্ৰ ভবনত বিশিষ্ট নাট্যকাৰ অৰুণ শৰ্মাৰ ‘কুকুৰনেচীয়া মানুহ’ নাটখন মঞ্চস্থ কৰা হয়৷নাটখনৰ সামগ্ৰিক পৰিকল্পনা আৰু পৰিচালনা বিশিষ্ট নাট পৰিচালক অৱিনাশ শৰ্মাৰ৷আবেলি ৪ আৰু সন্ধিয়া ৭ বজাত দুটা দৰ্শনীৰে আয়োজন কৰা উক্ত নাটখনত অভিনয় কৰে কপিল বৰা,মানস দাস,পলাশ্ৰী দাস,ৰঞ্জুল বৰুৱা,জয়ন্তজিৎ দাস,ৰঞ্জন শৰ্মা আৰু নিবিড় তালুকদাৰে৷সংগীত সংৰচনা লিয়ান শৰ্মাৰ,দৃশ্য সজ্জা উমাকান্ত সোণোৱালৰ,পোহৰ ডিম্পল দাসৰ,সাজ সজ্জা ৰাণী দত্ত বৰুৱাৰ,ৰূপ সজ্জা তীব্ৰজ্যোতি বৈৰাগী আৰু পাংকু হাজৰিকাৰ৷