ৰ’দালি আচ্ছাদন — সংগীতা ডেকা, ৰঙিয়া

pc-fairefiledcare

ৰ’দালি আচ্ছাদন

যদি সম্ভৱ হয়…!
সমিধানহীন মলিয়ন চহৰখন
ত্যাগিব বিচাৰিম…।
আকাংক্ষাক “আলিংগিছোঁ”
আশান্বিত ডাৱৰবোৰ যেন,
উপচি পৰক হৃদয়াকাশত…।
হেঁপাহ কণ গুঞ্জৰিছে
চিত্তাবাসত যে…
বিৰিষ হ’ব পৰা হ’লে
প্ৰকৃতিৰ বুকুত শ্যামলীমাৰে
জীপালতা হৈ,
বৰষিলোঁ হেঁতেন…!
তিক্ত আৱৰণখন আঁতৰাই….!

_✍️ সংগীতা ডেকা, ৰঙিয়া