ৰণবীৰ সিং অভিনীত ‘৮৩’য়ে ১৭ দিনত ১০০ কোটিৰ সীমা অতিক্ৰম

p.c. India Today

ৰণবীৰ সিং অভিনীত ‘৮৩’য়ে ১৭ দিনত ১০০ কোটিৰ সীমা অতিক্ৰম

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰণবীৰ সিং অভিনীত ‘৮৩’য়ে বক্স অফিচত  ১০০ কোটিৰ সীমা অতিক্ৰম কৰিছে বুলি নিৰ্মাতাসকলে কয়। ২৪ ডিচেম্বৰত মুক্তি পোৱা ছবিখনে এতিয়ালৈকে ভাৰতত ১০০.৫৬ কোটি উপাৰ্জন কৰিছে। শেহতীয়াকৈ, পৰিচালক কবীৰ খানে ছবিখনক “মহামাৰীৰ ভুক্তভোগী” বুলি অভিহিত কৰি কয়, “এইখন এখন চলচ্চিত্ৰ যাক প্ৰতিদিনে কোভিডয়ে প্ৰচণ্ড আঘাত কৰিছে।”