ৰঞ্জিৎ বৰাৰ হত্যাকাণ্ড সন্দৰ্ভত এজনক আটক

ৰঞ্জিৎ বৰাৰ হত্যাকাণ্ড সন্দৰ্ভত এজনক আটক

ৰঙিলী বাৰ্ত্তাসেৱা-   ৰাজ্য জোকাৰি যোৱা পূৰবী ডায়েৰীৰ বিতৰক ৰঞ্জিৎ বৰা হত্যাকাণ্ডৰে জড়িত এজনক মহানগৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। দিন-দূপৰতে সংঘটিত এই হত্যাকাণ্ডত মহানগৰ আৰক্ষীয়ে চিচিটিভি ফুটেজ পৰ্যবেক্ষণ কৰিও দীৰ্ঘদিন ধৰি ক্লু উলিয়াবলৈ সক্ষম হোৱা নাছিল।অৱশেষত যোৱানিশা মৰিগাঁওৰ পৰা আমিৰ আলী নামৰ এজন লোকক আটক কৰে। DCP সুধাকৰ সিঙৰ নিৰ্দেশত আমিৰক আটক কৰা হয়। আমিৰৰ শহুৰেকৰ ঘৰতো চলিছিল আৰক্ষীৰ অভিযান। মৰিগাঁৱত উপস্থিত হৈ দিছপুৰ আৰক্ষীয়ে নিজৰ জিম্মাত লয় আমিৰক।