ৰঙীন সন্ধিয়া-বিহপুৰীয়া,লখিমপুৰ , অসম

Pc-freedesignfile

ৰঙীন সন্ধিয়া

ডায়েৰীৰ পৃষ্ঠাবোৰো বিসম্বাদী হয় কেতিয়াবা
হুংকাৰ দিয়ে, “সিহঁত হেনো বিৰহত আছে। ”
প্রিয়তমা! তোমাৰ বাবেইতো ৰচো অৰ্থহীন, মূল্যহীন এহেজাৰটা কবিতা
য’ত লিপিবদ্ধ হয়
অবুজ বেদনাৰ শতাধিক সংলাপ।
বিচ্ছিন্নতাৰ পক্ষপাতি নহয় বাবেই
উকা কাগজত লিখি থওঁ –
সপোন-দিঠকৰ অলেখ বেমেজালি
অথচ!!
নোৱাৰো ক’ব তোমাক ভালপোৱাৰ কথা।
উপভোগ কৰো প্রতিদিনে ৰঙীন সন্ধিয়া
স্নিগ্ধ আকাশত তৰাৰ মেলা
কিম্বা!
পুৱাত বিহংগৰ মধুৰ কিৰিলি!!
কিন্তু আজিকালি?
তুমিহীনতাত উদাস হৈ ৰওঁ।
সূর্যোদয়ৰ সেন্দুৰীয়া ৰঙাবোৰ
ফাগুনৰ মনপৰশা বতাহছাটি
বা নীলাভ গগণৰ সুকীয়া মাদকতা
তুমিহীনতাত সকলো অসাৰ ।
অস্তগামী বেলি আৰু ঘৰমুৱা পক্ষীয়ে
আজিও কাণে কাণে কৈ যায়-
“তোৰ ভালপোৱা সন্ধিয়া ক’ত? ”
অৰ্থহীন, মূল্যহীন কবিতাৰে
প্রেমৰ অব্যক্ত ভাষাৰে
বিষাদময় ডায়েৰীৰ পৃষ্ঠাত কৰো আস্ফালন –
জীৱনজুৰি ভালপাওঁ তোমাক
“ৰঙীন সন্ধিয়া “।
কবি -মাধৱ ঘিমিৰে শর্মা
ম’বাইল নং-6002060744
ঠিকনা : দঙিবিল, বিহপুৰীয়া,লখিমপুৰ , অসম