৯ মে, ২০২১ ‘’আই ব্ৰেথ ফৰ ইণ্ডিয়া’’:

বাৰ্ত্তাসেৱা – কৰোনা ভাইৰাছৰ দ্বিতীয় ঢৌটোৱে আতংকৰ সৃষ্টি কৰিছে আৰু বহুতে প্ৰয়োজনীয় চিকিৎসা প্ৰাপ্ত কৰিবলৈ যুঁজি আছে কিয়নো স্বাস্থ্য আৰু চিকিৎসা বিশেষজ্ঞসকলে মহামাৰীৰ দ্বাৰা প্ৰভাৱিত সকলোকে সমান চিকিৎসা প্ৰদান কৰিব পৰা নাই।অক্সিজেনৰ অভাৱে সকলোকে জুৰুলা কৰিছে।এনে পৰিস্থিতিত, বহুতো বলীউড চেলিব্ৰিটি সহায় আগবঢ়াবলৈ আগবাঢ়ি আহিছে। অমিতাভ বচ্চন, অনিল কাপুৰ, এ আৰ ৰহমান আদিৰ দৰে বলীউডৰ তাৰকাসকলে ভাৰতত কোভিড সাহায্যৰ বাবে পুঁজি সংগ্ৰহ কৰিবলৈ অলাভজনক সংগঠন গিভ ইণ্ডিয়াৰ সৈতে একত্ৰিত হৈছে। গিভ ইণ্ডিয়াৰ দ্বাৰা এক ভাৰ্চুৱেল ফাণ্ডৰেজাৰ অভিযান চলোৱা হৈছে, যাক ‘আই ব্ৰেথ ফৰ ইণ্ডিয়া: কোভিড ক্ৰিচিছ ৰিলিফ’ বুলি কোৱা হয় যাক লাৰা দত্ত আৰু শ্যামল বল্লভজীয়ে আয়োজন কৰিব। ভাইৰটুয়েল ফাণ্ড্ৰেজাৰ ইভেণ্টটো ফেচবুক, ইনষ্টাগ্ৰাম আৰু ইউটিউবত একেলগে প্ৰদৰ্শিত হ’ব আৰু ৯ মে, ২০২১  তাৰিখে সন্ধিয়া ৬ বজাৰ পৰা সন্ধিয়া ৮ বজালৈ প্ৰদৰ্শিত হ’ব।