৯ বছৰীয়া ছোৱালীক ধৰ্ষণ আৰু হত্যাৰ অভিযোগত ৬৫ বছৰীয়া মৌলবীক গ্ৰেপ্তাৰ

pc Flipboard

অনলাইন বাৰ্ত্তাসেৱা – এগৰাকী ৯ বছৰীয়া কিশোৰীক ধৰ্ষণ আৰু হত্যাৰ অভিযোগত অভিযুক্ত এজন ৬৫ বছৰীয়া মৌলবীক অসম আৰক্ষীয়ে শনিবাৰে মৰিগাঁও জিলাৰ পৰা গ্ৰেপ্তাৰ কৰে। শুক্ৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভুক্তভোগীৰ পৰিয়ালক সাক্ষাৎ কৰে আৰু তেওঁ আৰক্ষীক তদন্ত ত্বৰাম্বিত কৰিবলৈ নিৰ্দেশ দিয়ে। তাৰ পাছত অসম আৰক্ষীৰ তৎপৰতাত দোষীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অসম আৰক্ষী। অসম আৰক্ষীয়ে কৈছিল যে মৰণোত্তৰ পৰীক্ষাত প্ৰমাণিত হৈছে যে ভুক্তভোগীৰ যৌন নিৰ্যাতন হৈছিল আৰু মৃত্যুৰ কাৰণ আছিল শ্বাসৰুদ্ধকৰণ।