৯ দিনত ৮মবাৰৰ বাবে পেট্ৰ’ল, ডিজেলৰ মূল্য বৃদ্ধি

pc Hindustan Times

৯ দিনত ৮মবাৰৰ বাবে পেট্ৰ’ল, ডিজেলৰ মূল্য বৃদ্ধি

ৰঙিলী বাৰ্ত্তাসেৱা-  পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৯ দিনৰ ভিতৰত ৮বাৰৰ বাবে বৃদ্ধি কৰা হৈছে। দিল্লীত পেট্ৰ’লৰ মূল্য এতিয়া প্ৰতিলিটাৰত  ৪০ পইচা বৃদ্ধি হোৱাৰ পিছত প্ৰতিলিটাৰত ১০১.০১ টকাৰ, আনহাতে ৰাষ্ট্ৰীয় ৰাজধানীত ডিজেলৰ মূল্য প্ৰতিলিটাৰত  ৯১.৪৭ টকাৰ পৰা প্ৰতিলিটাৰত ৯২.২৭টকালৈ বৃদ্ধি হৈছে। মুম্বাইত পেট্ৰ’লৰ ব্যয় প্ৰতিলিটাৰত  ১১৫.০৪ টকাৰ পৰা প্ৰতিলিটাৰত ১১৫.৮৮ টকালৈ বৃদ্ধি পাইছে, আৰু ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৯৯.২৫ টকাৰ পৰা প্ৰতিলিটাৰত১০০.১০ টকালৈ বৃদ্ধি কৰা হৈছে।