৯৫ সংখ্যক অস্কাৰত উজলিল ভাৰত

Pc Zee News

৯৫ সংখ্যক অস্কাৰত উজলিল ভাৰত

ৰঙিলী বাৰ্ত্তাসেৱা-  লছ এঞ্জেলছৰ ডলবী থিয়েটাৰত অনুষ্ঠিত ৯৫ সংখ্যক অস্কাৰত উজলিল ভাৰত । ‘দ্য এলিফেন্ট হুইচপাৰাৰছ’ৰ বাবে গুনীত মংগাৰ জয়ৰ পিছত, RRRৰ ‘নাটু নাটু’ৱে ‘BEST ORIGINAL SONG’ ৰ বঁটা লাভ কৰি ইতিহাস সৃষ্টি  কৰিছে। ভাৰতীয় চুটি তথ্যচিত্ৰ ‘দ্য এলিফেন্ট হুইচপাৰাৰছ’এ অস্কাৰ বঁটা লাভ কৰিছে। ভাৰতীয় চলচ্চিত্ৰ প্ৰয়োজক গুনীত মংগাৰৰ এই তথ্যচিত্ৰই অস্কাৰ ২০২৩ত ‘Best Documentary Short Film’ বঁটা লাভ কৰিছে। দক্ষিণ ভাৰতৰ এহাল দম্পত্তীয়ে এটি ঘাট মাউৰা হাতী পোৱালিক তুলি তালি নিজৰ সন্তানৰ দৰে ডাঙৰ-দীঘল কৰাৰ কাহিনীৰে আগবাঢ়িছিল তথ্যচিত্ৰখন । এই শিতানত প্ৰথমবাৰৰ বাবে ভাৰতে লাভ কৰিলে এই সাফল্য । ‘BEST ORIGINAL SONG’ শিতানত বিশ্বৰ অন্যতম জনপ্ৰিয় শিল্পী লেডী গাগাৰ “হ’ল্ড মাই হেন্ড” অথবা ৰিহানাৰ “লিফ্ট মি আপ”ৰ দৰে সংগীতক পিছ পেলাই ৰাজামৌলীৰ ‘আৰ আৰ আৰ’ বোলছবিৰ “নাটু নাটু” শীৰ্ষক গানটো জিলিকিল।মুক্তিৰ পূৰ্বেই জনপ্ৰিয়তাৰ শীৰ্ষত স্থান লাভ কৰা বোলছবিখনৰ নাটু নাটু শীৰ্ষক গানটিয়ে ইয়াৰ পূৰ্বে গোল্ডেন গ্লোৱ, ২০২৩ বঁটাও লাভ কৰিবলৈ সক্ষম হৈছিল।