৭ জন কয়েদী জলকীয়া, জালুকৰে প্ৰহৰীসকলক আক্ৰমণ কৰি অৰুণাচল কাৰাগাৰৰ পৰা পলায়ন

pc Mumbai Mirror

অনলাইন বাৰ্ত্তাসেৱা – আৰক্ষীয়ে জনোৱা অনুসৰি, দেওবাৰে সন্ধিয়া জলকীয়া, নিমখ আৰু জালুকৰে প্ৰহৰীসকলক আক্ৰমণ কৰি অৰুণাচল প্ৰদেশৰ এখন জিলা কাৰাগাৰৰ পৰা পলায়ন কৰে সাতজন বিচাৰাধীন বন্দী। অতিৰিক্ত ডি.জি.পি. ৰবীন্দ্ৰ সিং যাদৱে কয়, “ঘটনাটো তেতিয়া সংঘটিত হৈছিল, যেতিয়া বন্দীসকলক তেওঁলোকৰ কাৰাগাৰৰ কোষৰ পৰা ৰাতিৰ আহাৰৰ বাবে বাহিৰলৈ উলিয়াই দিয়া হৈছিল।” পলাতক বন্দীসকলক গ্ৰেপ্তাৰ কৰিবলৈ এটা কোম্বিং অপাৰেচন আৰু অভিযান আৰম্ভ কৰা হৈছে বুলি  আৰক্ষীযৰ পৰা জানিব পৰা গৈছে।

(UD.)