৭ কোটি টকাৰ টিছু পেপাৰ

pc-Forbes

৭ কোটি টকাৰ টিছু পেপাৰ

অনলাইন বাৰ্ত্তাসেৱা– বাৰ্চিলোনা ত্যাগ কৰি পি এছ জি ক্লাবৰ সৈতে চুক্তিবদ্ধ হোৱাৰ পাছত বাৰ্চিলোনাত এখন সংবাদমেলত মেছি আৱেগিক হৈ পৰাত তেওঁ উচুপি উঠিছিল আৰু সেইসময়তে কাষত বহি থকা তেওঁৰ পত্নীয়ে এখন টিছু পেপাৰ আগবঢ়াইছিল। মেছিয়ে পেপাৰখনেৰে চকুপানী মচি পেপাৰখন পেলাই দিছিল। সেই টিছু পেপাৰখন সংবাদমেলত উপস্থিত থকা এজন লোকে বুটলি লৈ গৈছিল। উক্ত লোকজনে সেই টিছু পেপাৰ খন নিলাম কৰিবলৈ সিদ্ধান্ত লৈছে। ইয়াৰ বাবে তেওঁ দাম নিদ্ধাৰণ কৰিছে এক মিলিয়ন ডলাৰ। ভাৰতীয় টকাৰ হিচাপত ৭ কোটি ৪৪ লাখ টকা।

 

(RT)