৬-৭ জানুৱাৰীত ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বিশেষ ছুটী

pc- facebook

৬-৭ জানুৱাৰীত ৰাজ্য চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বিশেষ ছুটী

ৰঙিলী বাৰ্ত্তাসেৱা-  ৬-৭ জানুৱাৰীত ৰাজ্য চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলক পিতৃ-মাতৃ, শহুৰ-শাহুৰ সৈতে সময় কটোৱাৰ বাবে বিশেষ ছুটীৰ ব্যৱস্থা কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিশ্বনাথত সাংবাদিকৰ আগত মন্তব্য কৰি কয় যে ৬-৭ জানুৱাৰীৰ উপৰি ৮ জানুৱাৰী দ্বিতীয় শনিবাৰ আৰু ৯ জানুৱাৰী দেওবাৰ হোৱা হেতু কৰ্মচাৰীসকলে চাৰি দিন পিতৃ-মাতৃ, শহুৰ-শাহুৰ সৈতে কটাব পাৰিব।অৱশ্যে ছুটীৰ পাছত উভতি আহি তেওঁলোকে পিতৃ-মাতৃ, শহুৰ-শাহুৰ সৈতে সেই দিনকেইটা কটোৱাৰ ১০-১২খন আলোকচিত্র সংশ্লিষ্ট ঊর্ধ্বতন কর্তৃপক্ষক জমা দিব লাগিব। তদুপৰি এই সম্পৰ্কত চৰকাৰে মুকলি কৰা প’ৰ্টেলতো সেই আলোকচিত্র আপলোড কৰিব পাৰিব, যাতে সকলোৱে সেয়া চাব পাৰে। যিসকলে পিতৃ-মাতৃ, শহুৰ শাহুৰ সৈতে সেই দিনকেইটা কটোৱাৰ আলোকচিত্র আপলোড নকৰে, তেওঁলোকৰ ক্ষেত্ৰত ৬-৭ জানুৱাৰীৰ দিন দুটা বিশেষ ছুটীৰ পৰিৱৰ্তে নৈমিত্তিক ছুটীৰ পৰা কর্তন কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড° শৰ্মাই প্ৰকাশ কৰে। অৱশ্যে ৰাজ্যৰ কোনো কৰ্মচাৰীয়ে ফাঁকি নিদিয়ে বুলি তেওঁৰ বিশ্বাস আছে বুলি কয়। আনহাতে, অহা বছৰৰ পৰা ৰাজ্যিক কৰ্মচাৰীক পিতৃ-মাতৃক লৈ ধর্মীয় স্থান পর্যটনৰো চৰকাৰে সুবিধা দিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে এইক্ষেত্ৰত প্ৰয়োজনত চৰকাৰে ধন যোগান ধৰিব।