৫০০ শ বছৰীয়া সত্ৰ কৃষ্টিৰ পৰম্পৰাৰে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত ভোগালী বিহু পালন

৫০০ শ বছৰীয়া সত্ৰ কৃষ্টিৰ পৰম্পৰাৰে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত ভোগালী বিহু পালন

আদিলুৰ ৰহমান,টুকটুকী, ৰঙিলী বাৰ্ত্তাসেৱা: আজি ভোগৰ উৎসৱ ভোগালী বিহু । অসমীয়াৰ বাপতি সাহোন বিহুতি সমগ্ৰ অসমৰ লগতে গুৰুজনাৰ জন্মস্থান সত্ৰপীঠ বটদ্ৰৱাত স্বকীয় আধ্যাত্মিক ৰীতি নীতিৰে পৰম্পৰাগত ভাৱে পালন কৰে । ৫ ০০ শ বছৰীয়া ঐতিহ্য ৰে মহীয়ান শংকৰ গুৰুজনাৰ পদৰেনুৰে ৰঞ্জিত বটদ্ৰৱাৰ থানৰ স্বকীয় পৰম্পৰা লোকৰীতি আধ্যাত্মিকতাৰে ভোগালী বিহু পালন কৰে । পুৱা ভকত বৈষ্ণৱ সকলে স্নান কৰি ভেলাঘৰৰ সন্মুখত দিহা নাম গায় ভেলাঘৰত অগ্নিস্পৰ্শ কৰে। বটদ্ৰৱাৰ পৰম্পৰাগত সত্ৰীয়া শৈলীত “ঐ ৰাম দৈৱকী নন্দন দেৱহে ” শীৰ্ষক দিহা নামৰ মুখৰিত হয় গুৰুজনাৰ জন্মস্থানৰ আকাশ বতাহ । সমাজৰ অসূয়া অপ্ৰীতি বিনাশৰ বাবে সকলোৱে সেৱা প্ৰাৰ্থনা আগবঢ়াই।