৩ মাৰ্চৰ পৰা আৰম্ভ হ’ব ১৩সংখ্যক বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

p.c. NetIndian

৩ মাৰ্চৰ পৰা আৰম্ভ হ’ব ১৩সংখ্যক বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

ৰঙিলী বাৰ্ত্তাসেৱা-  ১৩সংখ্যক বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (বিআইএফএফ) ৩ ৰ পৰা ১৩ মাৰ্চলৈ ১০ দিনৰ বাবে অনুষ্ঠিত হ’ব। বিআইএফএফ আয়োজক সমিতিৰ বৈঠকত সভাপতিত্ব কৰা কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই কয়, “বিআইএফএফে ফেডাৰেচন অৱ ইণ্টাৰনেচনেল ফিল্ম প্ৰডিউচাৰ এছ’চিয়েশ্যনৰ স্বীকৃতি লাভ কৰিছে। সেয়েহে, চলচ্চিত্ৰ মহোৎসৱৰ এক বিশ্বব্যাপী মৰ্যাদা থাকিব।”