৩১ মাৰ্চত ৰাজ্যসভাৰ ১৩ খন আসনৰ নিৰ্বাচন অনুষ্ঠিত হ’ব

p.c. ZeeNews

৩১ মাৰ্চত ৰাজ্যসভাৰ ১৩ খন আসনৰ নিৰ্বাচন অনুষ্ঠিত হ’ব

ৰঙিলী বাৰ্ত্তাসেৱা-  চলিত বৰ্ষৰ ৩১ মাৰ্চত ৰাজ্যসভাৰ ১৩ খন আসনৰ নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি নিৰ্বাচন আয়োগে ঘোষণা কৰে। আসনবোৰ ছয়খন ৰাজ্যত বিয়পি আছে – পঞ্জাৱত পাঁচখন, কেৰালাত তিনিখন, অসমত দুখন আৰু হিমাচল প্ৰদেশ, ত্ৰিপুৰা আৰু নাগালেণ্ডত এখনকৈ। ১৩ জন ৰাজ্যসভাৰ সদস্যৰ কাৰ্যকাল এপ্ৰিলত শেষ হ’ব।