৩১ ডিচেম্বৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সতৰ্কবাণী

Pc- DNA India

৩১ ডিচেম্বৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সতৰ্কবাণী

ৰঙিলী বাৰ্ত্তাসেৱা-  যান-বাহন আইনক লৈ পুনৰ কঠোৰ স্থিতি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।আগন্তুক ৩১ ডিচেম্বৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সতৰ্কবাণী।হিমন্ত বিশ্ব শৰ্মাই কয়,”৩১ ডিচেম্বৰত মটৰ চাইকেল দুৰ্ঘটনাত যাতে এটা ল’ৰাৰো মৃত্যু নহয় এইবাৰ মই পণ লৈছো।মানুহক মৰিব দিব নোৱাৰি।আমাৰ কি স্বাৰ্থ আছে মানুহক বচাবই লাগিবই।৩১ ডিচেম্বৰত কোনো লোকে ৬০ কিলোমিটাৰৰ অধিক বেগত গাড়ী চলাব নোৱাৰিব।” ৩১ ডিচেম্বৰৰ ৰাতিপুৱাৰ পৰা সমগ্ৰ অসমত পুৱাৰে পৰা আৰক্ষী ওলাব বুলি হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰি বাইক আৰোহী দুয়োজনে হেলমেট পৰিধান কৰিব লাগিব বুলি কঠোৰ সতৰ্কবাণী প্ৰদান কৰে।