২৫ ফেব্ৰুৱাৰীত তিনিদিনীয়া ভ্ৰমণসূচীৰে ৰাজ্যত উপস্থিত হ’ব দেশৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দ

pc The IndianExpress

২৫ ফেব্ৰুৱাৰীত তিনিদিনীয়া ভ্ৰমণসূচীৰে ৰাজ্যত উপস্থিত হ’ব দেশৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দ

ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দ ২৫ ফেব্ৰুৱাৰীত তিনিদিনীয়া ভ্ৰমণসূচীৰে ৰাজ্যত উপস্থিত হ’ব। দেশৰ ভি ভি আই পি অতিথি হিচাপে বিবেচিত ৰাষ্ট্ৰপতিৰ আগমনক কেন্দ্ৰ কৰি ৰাজ্যত ব্যাপক প্রস্তুতি আৰম্ভ হৈছে।ৰাষ্ট্ৰপতিগৰাকীৰ আগমন হ’বলগীয়া স্থানসমূহ সজাই-পৰাই তোলা হৈছে। প্রশাসন দিনে-নিশাই ৰাস্তা-ঘাট মেৰামতিৰ পৰা আৰম্ভ কৰি নিৰাপত্তা ব্যৱস্থালৈকে নিৰীক্ষণত ব্যস্ত হৈ পৰিছে। গুৱাহাটী, তেজপুৰ আৰু কাজিৰঙাত ৰাস্তা-ঘাট, ডিভাইডাৰ আদি নতুনকৈ ৰং সানি সজাই-পৰাই তোলা হৈছে।ৰাষ্টপতিগৰাকীৰ আতিথ্যৰ ক্ষেত্ৰত যাতে কোনোধৰণৰ ত্রুটি ৰৈ নাযায়, তাৰ বাবে চলোৱা হৈছে এই প্রস্তুতি।২৫ ফেব্ৰুৱাৰীত গুৱাহাটীত উপস্থিত হ’বলগীয়া ৰাম নাথ কোবিন্দে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই কাৰ্যসূচীৰ পৰাই ৰাম নাথ কোৱিন্দে লাচিত বৰফুকনৰ সমাধিক্ষেত্ৰৰ লগতে আলবৈ ৰণৰ যুদ্ধ স্মাৰকৰ আধাৰশিলা স্থাপন কৰিব। ২৬ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতিগৰাকীয়ে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত উপস্থিত থাকিব। সেই দিনাই বিয়লি তেওঁ কাজিৰঙাত উপস্থিত হ’ব। তেজপুৰৰ পৰা হেলিকপ্টাৰেৰে গৈ কাজিৰঙাত উপস্থিত হ’বলগীয়া কোৱিন্দে সেই দিনাই জীপ ছাফাৰিৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ সৌন্দর্য উপভোগ কৰিব। নিশা আয়ৰা ৰিজ’ৰ্টত কটাই পিছদিনা পুৱা পুনৰ তেওঁ জীপ ছাফাৰি কৰিব কাজিৰঙাত। ইয়াৰ পাছতে নতুন দিল্লীলৈ উভতি যাব ৰাষ্ট্ৰপতিগৰাকী।