২০ ডিচেম্বৰৰ পৰা নৱম টি জি বৰুৱা মেম’ৰিয়েল মিডিয়া ক্ৰিকেট

Pc Olympia Sports

২০ ডিচেম্বৰৰ পৰা নৱম টি জি বৰুৱা মেম’ৰিয়েল মিডিয়া ক্ৰিকেট

ৰঙিলী  বাৰ্ত্তাসেৱা- অহা ২০ ডিচেম্বৰৰ পৰা নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’ব নৱম টি জি বৰুৱা মেম’ৰিয়েল মিডিয়া টি ২০ ক্ৰিকেট প্ৰতিযোগিতা ৷ এইবাৰৰ প্ৰতিযোগিতাত অসমৰ মুঠ ১৪ টা সংবাদ প্ৰতিষ্ঠানে অংশ গ্ৰহণ কৰিছে ৷ অংশগ্ৰহণকাৰী দল কেইটা ক্ৰমে , গুৱাহাটী দুৰদৰ্শন কেন্দ্ৰ , দ্যা আসাম ট্ৰিবিউন , অসমীয়া প্ৰতিদিন , দৈনিক অগ্ৰদূত , গণঅধিকাৰ , প্ৰাগ নিউজ , প্ৰতিদিন টাইম , নিউজ ১৮ , এন ডি ২৪ , এন কে টিভি , ডি এ নিউজ প্লাচ , নিউজ টাইম , অসম , মাই নিউজ এন ই আৰু আসাম টকস ৷ শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সকলো দলৰ অধিনায়কৰ উপস্থিতত টাই ড্ৰ অনুষ্ঠিত হৈ যায় ৷ সেই অনুসৰি প্ৰতিযোগিতাৰ উদ্ধোধনী খেলত মুখামুখি হ’ব প্ৰতিদিন টাইম বনাম মাই নিউজ এন ই ৷ একেদিনাই হ’ব লগা দ্বিতীয়খন মেচ এন কে টিভি আৰু দৈনিক অগ্ৰদূতৰ মাজত অনুষ্ঠিত হ’ব ৷ প্ৰতিযোগিতাখনত সকলোৰে সহযোগ কামনা কৰিছে উদ্যোক্তাসকলে ৷