২০২৫ ৰ নৱেম্বৰত উদ্বোধন কৰিব মাজুলী-যোৰহাট সংযোগী দলংঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

Pc- DNA India

২০২৫ ৰ নৱেম্বৰত উদ্বোধন কৰিব মাজুলী-যোৰহাট সংযোগী দলংঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা-   ‘২০২৫ চনৰ নৱেম্বৰত আমি মাজুলী যোৰহাট সংযোগী দলং খন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰিম । ৰাইজ, আপোনালোকক মই কথা দিছো,  এই যি আশাৰে আজি আমি ইয়াত সমবেত হৈছো সেই আশাক আমি সকলোৱে মিলি বাস্তবলৈ পৰিণত কৰিম । মাজুলীক অকল আধ্যাত্মিকতাৰে নহয় বিকাশৰ মাজুলীলৈ নতুন গংগা নমাই অনাৰ বাবে আমি কাম আৰম্ভ কৰিম আৰু আমি আমাৰ যাত্ৰাত সফল হম ।’ পুৱা ১১:২০ বজাত মাজুলীত উপস্থিত হৈ দক্ষিণপাটত মাংগলিক অনুষ্ঠানেৰে মাজুলী-যোৰহাট সংযোগী দলঙৰ প্ৰথমটো খুঁটা নিৰ্মাণৰ শুভাৰম্ভ কৰাৰ পিছত বিশাল জন সভাক সম্বোধন কৰি ভাষণ প্ৰসংগত এইদৰে কয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । ঐতিহ্যমণ্ডিত মাজুলীৰ দক্ষিণপাতত আৰম্ভ কৰি বুৰঞ্জী প্ৰসিদ্ধ যোৰহাটৰ হাতীশালত স্থাপন হ’ব মাজুলীবাসীৰ বহু প্ৰত্যাশিত মাজুলী-যোৰহাট সংযোগী দলঙৰ অন্তিমটো খুঁটা । হাতী ধৰা পৰিকল্পনাৰে হাতীশালৰ পৰা  নগা পাহাৰলৈকে এটি গঁড় বন্ধাইছিল । এই গঁড় আজিও হাতীগড় ৰূপে পৰিচিত । ঐতিহ্য বহনকাৰী এই হাতীশালকে সংযোগ কৰি নিৰ্মান হ’ব লগা মাজুলীবাসীৰ বহু প্ৰত্যাশিত মাজুলী-যোৰহাট সংযোগী  দলঙখনৰ প্ৰথমটো খুঁটা নিৰ্মাণৰ কাম আজি শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই  ।  মাজুলীবাসীৰ বহু প্ৰত্যাশিত এই দলঙৰ গতিপথ নিৰ্ধাৰণ সম্পৰ্কে ইতিপূৰ্বেই সাধাৰণ জনতাৰ মতামত গ্ৰহণন কৰিছিল মাজুলীৰ জিলা প্ৰশাসনে । মাজুলীৰ  দক্ষিণপাত ঘাটৰ পৰা টীয়কৰ হাতীশাল সংযোগী দলংখনৰ দৈঘ্য হ’ব প্ৰায় আঠ কিঃমিঃ । দলংখনৰ বহলে হ’ব ১৫ মিটাৰ ।  মাজুলী কমলাবাৰীৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ টীয়কৰ আলিলৈ পথৰ দৈঘ্য হ’ব ৩০.২০০ কি:মি: ।  এই পথচোৱাৰ দুয়োকাষে ১৫ মিটাৰকৈ ভূমি অধিগ্ৰহণ কৰা হৈছে । ভূমিৰ ক্ষতিপূৰনো আজি প্ৰদান কৰা হয় মাজুলীৰ ভূমি দাতা সকলক । দলংখনৰ নিৰ্মাণত খৰচ ধার্য কৰা হৈছে ৯২৫ কোটি টকা ।  সম্পূৰ্ণ প্ৰজেক্টৰ খৰচৰ বাবে ধাৰ্য কৰা হৈছে ২৪৪২.০৮৮ কোটি টকা । এই প্ৰকল্পত মাজুলীৰ ফালে ৩ খন দলং আৰু ১ খন দলং মেলেংচিগাত নির্মাণ হ’ব ।  মাজুলীবাসীৰ সপোনৰ এই প্ৰকল্পক বাস্তৱায়িত কৰাৰ উদ্দেশ্যৰে মাজুলীৰ দক্ষিণপাতত দলঙৰ প্ৰথমটো খুঁটাৰ কাম আনুষ্ঠানিক ভাবে শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । এই লৈ দক্ষিণপাতত আয়োজিত এখন ৰাজহুৱা সভা । কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত এই সভাত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, ‘ ২৮ ফেব্ৰুৱাৰী ২০২১ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মাজুলীৰ বাবে সৰ্ববৃহৎ উপহাৰ মাজুলী আৰু নিমাটি সংযোগী দলঙৰ আধাৰশিলা স্থাপন কৰিছিল । আধাৰশিলা স্থাপনৰ আঠ মাহৰ পিছত আমি মাজুলীৰ দলঙৰ নিৰ্মানৰ কাম আনুষ্ঠানিকভাৱে শুভাৰম্ভনি কৰিছো । আৰু দুৰ্দান্ত আৰু দুৰন্ত গতিত মাজুলী দলঙৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব । মাজুলীৰ এই পবিত্ৰ ধৰাত থিয় হৈ মাজুলীৰ ৰাইজক মই প্ৰতিশ্ৰুতি দিছিলো ক’ভিড বা আন কোনো মহামাৰী আমাৰ সন্মুখত যদি দেখা নিদিয়ে তেতিয়াহলে ২০২৫ চনৰ নৱেম্বৰত আমি এই দলংখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিম । মই ৰাইজক প্ৰতিশ্ৰুতি দিছিলো যে নৱেম্বৰ মাহত এই দলং খনৰ নিৰ্মাণৰ কাম আমি হাতত লম । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ভাৰত চৰকাৰৰ ৰাষ্ট্রীয় ঘাই পথ নিৰ্মাণৰ দায়িত্বত থকা শ্ৰদ্ধাৰ মন্ত্ৰী নীতিন গাডকাৰী আজিৰ এই শুভ ক্ষণত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো । মাজুলীৰ দলং খনৰ বাবে ভাৰত চৰকাৰে ৯২৫ কোটি ৪৭ লাখ টকা ব্যয় কৰিব আৰু এই আবন্তিত ৰাশিৰ  ৬৫০.৫৭ কোটি টকা আমি মূল মাজুলীৰ দলং ভাগ নিৰ্মাণৰ বাবদ ব্যয় কৰিম । এই দলঙৰ মূল দৈঘ্য আৰু ইয়াৰ সমগ্ৰ দলং সংযোগী পথ এই গোটেই বিলাকত ধৰি ৮.২৫ কিঃমিঃ পথ আৰু দলং নিৰ্মান হ’ব আৰু এই দলঙৰ নিৰ্মাণৰ লগে লগে আমি মাজুলী আৰু যোৰহাটৰ মাজত বহু প্ৰত্যাশিত যি আমাৰ সপোন এই দলং তাক আমি বাস্তৱত ৰূপায়ন কৰিব পাৰিম । এই আঁচনিত ভাৰত চৰকাৰ যি ধৰণে আগুৱাই আহিছে অসম চৰকাৰেও এই আঁচনি ৰূপায়ণৰ বাবে আমি আমাৰ বৰঙনিও আগবঢ়াইছোঁ । মাজুলীৰ ভূমি অধিগ্ৰহণ, এই ভূমি অধিগ্ৰহনৰ বাবে যোৱাবাৰ মই ৰাসৰ সময়ত আহোতে  জিলা উপায়ুক্তক কৈ গৈছিলো যে নিৰ্দিষ্ট সময়ত ভূমি অধিগ্ৰহনৰ টকা ভূমি দাতা সকলৰ হাতত তুলি দিব লাগিব আৰু আজি এই কাম আমি সফলতাৰে সমাপন কৰিব পাৰিছো । মাজুলীৰ দলঙৰ বাবে নির্মাণকাৰী সংস্থা সমূহে যি জি এছ টি জমা দিব , প্ৰায় ১৮০ কোটি টকা সেইয়া ৰাজ্য চৰকাৰে সংস্থাক ঘূৰাই দিব । এই দলঙৰ বাবদ বন বিভাগৰ যি ৰয়েলিটি জমা হ’ব নির্মাণকাৰী সংস্থা সমূহে ৬% টকা জমা দিব । অৰ্থাৎ এই দলং নিৰ্মাণত ৰাজ্য চৰকাৰে প্ৰায় দুশ কোটি টকা বৰঙনি আগবঢ়াব । কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যৌথ প্ৰচেষ্টাত এই নিৰ্মাণত অগ্ৰসৰ হম আৰু মই নিশ্চিত চাৰি বছৰত আমি এই দলং নিৰ্মান সম্পূৰ্ণ কৰিম ।’ ইফালে মাজুলীবাসীৰ দলং নিৰ্মাণৰ সপোনটোক আগুৱাই নিয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতি কৃতজ্ঞতা জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, ‘শ্ৰদ্ধাৰ ৰাইজ আজিৰ এই পবিত্ৰ দিনটোত শ্ৰদ্ধাৰে  আমি স্মৰণ কৰিব লাগিব অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল । তেওঁৰ প্ৰচেষ্টাত আৰু তেওঁৰ আশীৰ্বাদত আজি আমি এই দিনটোত উপবিষ্ট হৈছো । মই সৰ্বানন্দ সোনোৱাল অসম চৰকাৰৰ হৈ প্ৰতিশ্ৰুতি দিছো, আপুনি মাজুলীক লৈ যি সপোন দেখিছিল সেই সপোন আমি সকলোৱে মিলি বাস্তৱত ৰূপায়িত কৰিম । সেই প্ৰতিশ্ৰুতি আমি সোনোৱাল দিব বিচাৰিছো । আমি তেওঁৰ পৰা আশীৰ্বাদ বিচাৰিছো ।’  উল্লেখ্য, মাজুলীৰ ডেৰ লক্ষ জনগণৰ স্বাক্ষৰ লৈ ২০১৫ চনৰ ডিচেম্বৰতে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত মাজুলীৰ দল সংগঠন, সাংবাদিক সন্থা, সত্ৰাধিকাৰ সকলে দিল্লীলৈ গৈ লগ ধৰিছিল সেই সময়ৰ ৰাষ্ট্ৰীয় ঘাই পথ ,পৰিবহন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক । মাজুলীবাসীৰ দীৰ্ঘদিনীয়া সমস্যাৰ, জীয়া যান্ত্ৰনাৰ অন্ত পেলাই মাজুলী-যোৰহাট সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলঙ নিৰ্মাণৰ দাবী উত্থাপন কৰিছিল । মাজুলীবাসীৰ এই দাবীয়ে আজি এক পৰ্যায় পাইছেহি ।  দক্ষিণপাট হাতীশালক সংযোগ কৰি প্ৰস্তাৱিত মাজুলী যোৰহাট সংযোগী দলং সন্দৰ্ভত আজিৰ এই খবৰ বিগত সাতটা দশকৰ ভিতৰতে এক গুৰুত্বপূৰ্ণ ভাল খবৰ হিচাপে বিবেচিত হৈছে । মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ডম্বৰুধৰ নাথে কয়, ‘ আজি যিটো আমাৰ গৌৰৱৰ অধ্যায় আৰম্ভ হ’ল, গৌৰৱৰে নহয় এইটো গোটেই জীৱনজোৰা সাধনাৰ মাধ্যমেদি পাবলৈ বিচৰা এটা বস্তু । যুগ যুগ ধৰি মাজুলীখন বহি:বিশ্বৰ পৰা বিচ্ছিন্ন হৈ আছিল । সেই বিচিন্নতাটো আজিৰ পৰা নোহোৱা হ’ব এটা দিশত এই কথাটো আমি বাস্তৱ ভাবে ভাবিবলৈ সামৰ্থ হৈছো । মাজুলীৰ গোটেইখিনি বিকাশ, চিন্তা চৰ্চা, দৃষ্টি দর্শন সকলো বিলাকৰ আমূল পৰিবৰ্তনৰ গুৰি সোমাই আছে এই দলং খনত । গতিকে আজিৰ দিনটো মাজুলীবাসীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ঐতিহাসিক ক্ষণ । যাতায়তৰ উন্নয়ণেই অৰ্থনৈতিক বিকাশৰ প্ৰধান আহিলা । ব্ৰহ্মপুত্ৰৰ ওপৰত হোৱা দলং খনে মাজুলীৰ পিছ পৰি থকা যিটো কাৰণ আছিল সেইটো নোহোৱা কৰিব । তাৰ ফলত ইয়াৰ অৰ্থনৈতিক বিকাশ বেলেগ ধৰণেৰে আগ বাঢ়িব তাত কোনো সন্দেহ নাই । এই দলঙে মাজুলীৰ পৰ্যটন উন্নয়নৰ সম্ভাৱনাক বিকশিত কৰি তুলিব ।’  মাজুলীৰ যোৰহাট সংযোগী দলঙৰ প্ৰথমটো খুঁটা স্থাপন কৰা এই অনুষ্ঠানত সভাত ঢকুৱাখনাৰ বিধায়ক নব গাম, ৰাষ্ট্ৰীয় ঘাইপথ মুখ্য অভিযন্তা মুকুল চন্দ্র দাস, ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী কুমুদ কছাৰী, সাংস্কৃতিক বিশ্ববিদ্যালয় মাজুলীৰ উপাচাৰ্য ড° ডম্বৰুধৰ নাথ, দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী মাধব দেউৰী, প্ৰকাশ কাশ্যপ, বিজেপি মাজুলী জিলা সমিতিৰ সভাপতি লোকনাথ কুটুম, গনশক্তিৰ সভাপতি ৰঞ্জিত দলে, অগপৰ সভাপতি ফনীধৰ টাহু, জিলা পৰিষদৰ সভানেত্রী পাপু হাজৰিকাকে ধৰি বহু গন্যমান্য ব্যক্তি উপস্থিত থাকে। সভাত মাজুলীৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰ বিশেষকৈ শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী, গড়মূৰ সত্ৰৰ পৰমানন্দ দেৱগোস্বামী, আধাৰ মাহৰা সত্ৰৰ মহেশ গোস্বামী, আদি বিহিমপুৰ সত্ৰৰ অতুল মহন্ত, দক্ষিণপাট আশ্ৰমী সত্ৰৰ জনাৰ্দন দেৱগোস্বামী, গড়মূৰ সৰু সত্ৰৰ হৰিদেব গোস্বামী, আদিএলেঙী ভবানন্দ দেৱগোস্বামী উপস্থিত থাকে।