২০২৪ অলিম্পিকত মই অসমলৈ সোণ লৈ আহিমঃ লাভলীনা বৰগোহাঁই

pc- The Guwahati Times

২০২৪ অলিম্পিকত মই অসমলৈ সোণ লৈ আহিমঃ লাভলীনা বৰগোহাঁই

অনলাইন বাৰ্ত্তাসেৱা- অসম কন্যা লাভলীনাই টকিঅ’ অলিম্পিকৰ ইতিহাসত ভাৰতৰ লগতে অসম আৰু অসমীয়াৰ নাম উজ্জলাবলৈ সক্ষম হয়। জন্মভূমিলৈ উভতি অহা লাভলীনাক ৰাজ্য চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰাংগণত সম্বৰ্ধনা জনায়। এই সম্বৰ্ধনা অনুষ্ঠানত লাভলীনাই প্ৰদান কৰা ভাষণে ক্ৰীড়া ক্ষেত্ৰত নিজৰ ভৱিষ্যৎ গঢ়িব বিচৰা ৰাজ্যৰ নৱপ্ৰজন্মক প্ৰেৰণা দিয়ে। লাভলীনাই অসম আৰু অসমবাসীৰ মৰম আৰু আশীৰ্বাদত আৱেগিক হৈ নিজৰ ভাষণত কয়যে তেওঁক অসমবাসীয়ে যিদৰে মৰম দিছে সেই মৰম আৰু আৰ্শীৰ্বাদক ধন্যবাদ দিবলৈ শব্দ নাই। এইকণ মৰম লাভৰ বাবেই যথেষ্ট সংগ্ৰাম কৰিছিলো। বৰঝাৰস্থিত বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতেই যিদৰে অসমবাসীয়ে তেওঁক শুভেচ্ছা জ্ঞাপন কৰে তাকলৈ তেওঁ বহুত আনন্দিত। ভাষণ আৰম্ভ কৰিয়েই তেওঁ অসমবাসী ওচৰত ক্ষমা বিচাৰে। লাভলীনাৰ মতে তেওঁ দেশৰ বাবে এটা মেডেল আনিব পাৰিছে তাৰ বাবে তেওঁ সুখী। ৰাইজৰ মৰম-চেনেহ আৰু প্ৰাৰ্থনা তথা ঈশ্বৰৰ ওচৰত মোৰ দৃঢ় বিশ্বাস আছে তাৰ বাবেই বক্সিঙৰ ৰিঙত অধিক সাহস লাভ কৰিছিলো। ইমানেই বেছি সাহস পাইছিলো যে এবাৰৰ বাবেও মই ভবাও নাছিলো মে়ডেল লৈ নহাকৈ আহিব নোৱাৰিম, সেই মেডেলটো গ’ল্ডই হ’ব বুলি ভাবিছিলো। মই অসমবাসীক কথা দিছো যে ২০২৪ চনৰ পেৰিছ অলিম্পিকত গ’ল্ড মেডেল লৈ আহিম।

 

(RT)