২০২২ চনত ভাৰতত অনুষ্ঠিত হ’ব ফিফাৰ ১৭ অনূৰ্ধৰ ফুটবল প্রতিযোগিতা

বাৰ্ত্তাসেৱা – ২০২২ চনত ফিফাৰ ১৭ অনূর্ধ্ব মহিলা বিশ্বকাপ ফুটবল প্রতিযোগিতাখন ভাৰতত অনুষ্ঠিত হ’ব। এই কথা প্ৰকাশ কৰিছে ফুটবলৰ সৰ্বোচ্চ সংস্থা ফিফাই। প্রাপ্ত তথ্য অনুসৰি ২০২২ চনত প্রতিযোগিতাখন ভাৰতত অনুষ্ঠিত হ’ব। প্ৰকাশিত সূচী অনুসৰি ১১ অক্টোবৰৰ পৰা প্ৰতিযোগিতাখন আৰম্ভ হ’ব আৰু প্ৰতিযোগিতাখন শেষ হ’ব ৩০ অক্টোবৰত । উল্লেখ্য যে ২০২০ চনত এই প্রতিযোগিতাখন আয়োজনৰ অনুমতি লাভ কৰিছিল ভাৰতে। কিন্তু ক’ৰ’না ভাইৰাছৰ ব্যাপকতাৰ বাবে প্ৰথম অৱস্থাত প্ৰতিযোগিতাখন ২০২১ চনলৈ পিছুৱাই দিয়া হৈছিল। ইয়াৰ পাছতো প্রতিযোগিতাখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত জটিলতাৰ সৃষ্টি হয়। সেয়ে প্রতিযোগিতাখন বাতিল কৰা হৈছিল। সেয়ে এতিয়া ২০২২ চনত ভাৰততে প্রতিযোগিতাখন অনুষ্ঠিত কৰা হ’ব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে ফিফাই ।