২০২২ অনুৰ্ধ-১৯ বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত ভাৰত

P.c Hindustan times

২০২২ অনুৰ্ধ-১৯ বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত ভাৰত

ৰঙিলী বাৰ্ত্তাসেৱা- ত্ৰিনিদাদৰ টাৰুবাত অনুষ্ঠিত ব্ৰায়ান লাৰা ষ্টেডিয়ামত ভাৰতে আয়াৰলেণ্ডক ১৭৪ ৰাণত পৰাস্ত কৰি ২০২২ চনৰ অনুৰ্ধ-১৯ বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে। হৰনুৰ সিঙে সৰ্বাধিক ৮৮(১০১) ৰাণ সংগ্ৰহ কৰাৰ ফলত ভাৰতে মুঠ ৩০৭/৫ ৰাণ সংগ্ৰহ কৰে। ভাৰতে ৩৯ অভাৰত আয়াৰলেণ্ডক ১৩৩ ৰাণত অলআউট কৰে, গৰ্ভ চাংৱান, আনেেশ্বৰ গৌতম আৰু কৌশল তাম্বেয়ে দুটাকৈ উইকেট দখল কৰে।