২০২২ত হ’বলগীয়া পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ পূৰ্বে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ প্ৰতিশ্ৰুতিৰ চমক

Pc-ndtv

অনলাইন বাৰ্ত্তাসেৱা-  ২০২২ত হ’বলগীয়া পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ পূৰ্বে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সোমবাৰে কৰিলে প্ৰতিশ্ৰুতি দি কয় যে- যদি পঞ্জাৱত আম আদমী পাৰ্টীৰ চৰকাৰ গঠন হয় তেন্তে পঞ্জাৱবাসীয়ে বিনামূলীয়াকৈ লাভ কৰিব বিদ্যুৎ সেৱা। এক টুইটাৰযোগে এই প্ৰতিশ্ৰুতি দিছে তেওঁ। দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটাৰত লিখিছে- ‘দিল্লী আমাৰ চৰকাৰে ৰাইজক ২০০ ইউনিট বিনামূলীয়াকৈ বিদ্যুৎ যোগান ধৰো। ৰাজ্যৰ মহিলাসকল ইয়াক লৈ বহু সুখী। পঞ্জাৱৰ মহিলাসকল মূল্যবৃদ্ধিৰ বাবে বহু সমস্যাৰ সন্মুখীন হৈ আছে। আপ চৰকাৰ গঠন হ’লে পঞ্জাৱতো বিনামূলীয়াকৈ বিদ্যুৎ লাভ কৰিব। অহা কাইলৈ লগ পাম চণ্ডীগড়ত।’ উল্লেখ্য যে, মঙলবাৰে চণ্ডীগড়ত উপস্থিত হ’ব মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।