২০২১ ৰ পদ প্ৰাদেশিকীকৰণ হ’লগৈ চকুলোৰ বন্যা আৰু আন্দোলনৰ উৎস-ফখৰুদ্দিন আহমেদ

pc-WebMD

২০২১ ৰ পদ প্ৰাদেশিকীকৰণ হ’লগৈ চকুলোৰ বন্যা আৰু আন্দোলনৰ উৎস- ফখৰুদ্দিন আহমেদ

বিগত ২০১৩ চনৰ পিছত চলিত বৰ্ষৰ চলিত মাহ ফেব্ৰুৱাৰীৰ ৫ তাৰিখে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত গুৱাহাটীস্থ সৰুসজাই ষ্টেডিয়ামত প্ৰায় ৩৫/৪০ বছৰ ধৰি অসমৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানত অবৈতনিকভাৱে কৰ্তব্য পালন কৰি অহা ২৯ হাজাৰতকৈ অধিক শিক্ষক-কৰ্মচাৰীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ল। উক্ত নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত আগবঢ়োৱা বক্তব্যত ৰৈ যোৱা শিক্ষক-কৰ্মচাৰী আৰু বিশেষকৈ ১০৪ খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুঠ ৫ হাজাৰতকৈয়ো অধিক শিক্ষক-কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়াৰ কাম চলি থকা আৰু কম সময়ৰ ভিতৰত উক্ত পদসমূহৰো নিযুক্তি প্ৰদান কৰাৰ ব্যৱস্থা কৰা হ’ব বুলি শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৌশলী মন্তব্য দাঙি ধৰে। যিসকলৰ পদ প্ৰাদেশিকীকৰণ হৈ গ’ল আৰু যিসকলৰ পদ প্ৰাদেশিকীকৰণ চৰকাৰী প্ৰতিশ্ৰুতিৰ বন্ধনত আবদ্ধ হ’ল সকলোৰে অন্তৰত এক অজানা শংকাই স্থান পালে। কাৰণ অনেক পদ প্ৰাদেশিকীকৰণৰ জৰিয়তে যিসকল শিক্ষক-কৰ্মচাৰীয়ে নিযুক্তি পত্ৰ পালে তেখেতসকলে নিজৰ নিযুক্তি পত্ৰ পঢ়ি চকু কপালত উঠিল। নিযুক্তি প্ৰত্ৰত লিখা চৰ্ত অনুযায়ী তেখেতসকলে যোগদান কৰিব লাগিব ইতিমধ্যে প্ৰাদেশিকীকৰণ বাবে নামোল্লেখ কৰা ‘Base School’ ত, লগতে নিজে প্ৰতিষ্ঠা কৰা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল গৈ ‘Base School’ ত পঢ়িব লাগিব আৰু বিদ্যালয়খনৰ সকলো সা-সম্পত্তিসহ তলা-চাবি জিলা পৰিদৰ্শক অথবা জিলা উপায়ুক্ত মহোদয়ক জমা দিব লাগিব। সহজে বুজি পাবলৈ হ’লে পদ প্ৰাদেশিকীকৰণ হোৱা বিদ্যালয়খনৰ বিলুপ্তকৰণ প্ৰক্ৰিয়া সমাপ্ত।
যিসকল শিক্ষক- কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়া প্ৰতিশ্ৰুতিৰ অন্তৰ্গত হ’ল সেইসকলৰ জীৱনলৈ অনিশ্চয়তা নামি আহিল। কাৰণস্বৰূপে উল্লেখ কৰিব পাৰি যে ২০১৩ বৰ্ষত পদ প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়াৰ পিছত ৭ বছৰীয়া আইনৰ আউটিৰ সংশোধনী, শিক্ষামন্ত্ৰী ৰদ-বদল, ২০১৬ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰা পূৰ্বৰ ভেঞ্চাৰ বিদ্যালয় পদ প্ৰাদেশিকীকৰণ আইনখন বেআইনী ঘোষণা, পুনৰ ২০১৭ চনত অসম ভেঞ্চাৰ বিদ্যালয় পদ প্ৰাদেশিকীকৰণ আইন [পদ প্ৰাদেশিকীকৰণ আৰু বিদ্যালয় পুনৰ সংগঠন]আইন আৰু ২০১৮ চনৰ সংশোধনী আইন আদিৰ পিছত ২০২১ চনত পুনৰ পদ প্ৰাদেশিকীকৰণ মানে সুদীৰ্ঘ প্ৰায় ৮ বছৰৰ ব্যৱধান। এই প্ৰতিশ্ৰুতিৰ আওপাকত সোমাই পৰা শিক্ষক-কৰ্মচাৰীসকল সন্দিহান হৈ পৰিছে অসমৰ শিক্ষামন্ত্ৰী মহোদয়ে সৰুসজাই ষ্টেডিয়ামত প্ৰায় ৬০ হাজাৰ মানুহৰ সন্মুখত বেকত কৰা বক্তব্যৰ সফল ৰূপায়ণ নিজস্ব প্ৰচেষ্টাৰে কৰিব নে বিষয়টো ৰূপায়ণৰ বাবে তথাকথিত আমোল-বিষয়াৰ ওপৰত এৰি দিব· পদ প্ৰাদেশিকীকৰণৰ পিছত অসমৰ সকলো ঠাইতে উচ্চাৰিত হোৱা কথাবোৰ এনে ধৰণৰ- ৩৪/৪৯ বছৰ ধৰি একেলগে শিক্ষকতা কৰা বিদ্যালয়ৰ শিক্ষক- কৰ্মচাৰীসকলৰ মাজৰ পৰা কিছুসংখ্যকৰ পদ প্ৰাদেশিকীকৰণ কৰা হ’ল, কিছুসংখ্যকৰ কৰা নহ’ল। হিন্দী, আৰবী আৰু সংস্কৃত শিক্ষকৰ পদ প্ৰাদেশিকীকৰণ নহ’ল, প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষক, এম ই স্কুলত প্ৰধান শিক্ষক লগতে এগৰাকীকৈ বিজ্ঞান আৰু কলা বিষয়ৰ শিক্ষক, হাইস্কুল আৰু হাইমাদ্ৰাছাতো একেই সমস্যা। উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ক্ষেত্ৰত শেহতীয়া আইনৰ মতে উচ্চতৰ মাধ্যমিক ৰম বৰ্ষৰ চৰকাৰে আৰম্ভ কৰিবলৈ দিয়া আদেশ-পত্ৰখনেই শেষ নথি আছিল কিন্তু সদ মূহূৰ্তত পদ প্ৰাদেশিকীকৰণ সম্পৰ্কত অসম চৰকাৰে গঠন কৰি দিয়া উচ্চ ক্ষমতাসম্পন্ন কমিটীয়ে উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ পদ প্ৰাদেশিকীকৰণ সম্পৰ্কত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ‘Affiliation’ বাধ্যতামূলক বুলি উল্লেখ কৰি প্ৰায় ৯শতাধিক শিক্ষক- কৰ্মচাৰীৰ জীৱনলৈ অনিশ্চয়তা নমাই আনিছে। প্ৰণিধানযোগ্য বিষয় যে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিয়মানুযায়ী যিবিলাক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এটাতকৈ বেছি ‘Stream’ আছে সেইবিলাক উচ্চতৰ মাধ্যমিক বিদ্যালয়কহে প্ৰাদেশিকীকৰণৰ পূৰ্বে সংসদৰ ফালৰ পৰ ‘Affiliation’ প্ৰদান কৰে। কিন্তু যিবিলাক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মাত্ৰ এটিহে ‘Stream’ আছে তেনে উচ্চতৰ মাধ্যমিক বিদ্যালয়ক প্ৰাদেশিকীকৰণৰ পিছতহে ‘Affiliation’প্ৰদান কৰাৰ নিয়ম। এইখিনিতে প্ৰশ্ন হয় যে প্ৰাদেশিকীকৰণ সম্পৰ্কত ৰাজ্য চৰকাৰৰ দ্বাৰা গঠিত উচ্চ ক্ষমতাসম্পন্ন কমিটীয়ে পদ প্ৰাদেশিকীকৰণৰ শেহতীয়া আইনখন পুংখানুপুংখভাবে অধ্যয়ন নকৰি অজ্ঞানতাবশতঃ নে ইচ্ছাকৃতভাৱে প্ৰায় ৩৫/৪০ বছৰ অবৈতনিকভাৱে দায়িত্ব পালন কৰা শিক্ষক-কৰ্মচাৰীসকলৰ জীৱনকলৈ হেতালি খেলিছে মহাবিদ্যালয়সমূহৰ পদ প্ৰাদেশিকীকৰণৰ ক্ষেত্ৰত অসমৰ বাহিৰৰ কিন্তু University Grant Commission ৰ অনুমোদন থকা বিশ্ববিদ্যালয়ৰ অৰ্হতাসম্পন্ন ভেঞ্চাৰ শিক্ষকসকলৰ অৰ্হতাৰ পুনৰীক্ষণৰ বাবে পঠিয়াইছে, এয়া প্ৰয়োজন আছিল নে· নে এচাম শিক্ষকক পদ প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত কৰাৰ প্ৰক্ৰিয়া·
সেই নিযুক্তি পত্ৰ প্ৰদান কৰা অনুষ্ঠানৰ বক্তব্যত শিক্ষামন্ত্ৰী মহোদয়ে আৰু এটি ভয়াবহ কথা উল্লেখ কৰিছিল যে এই দ্বিতীয় তালিকাত সন্নিৱিষ্ট ৫ হাজাৰ শিক্ষক- কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়া তেতিয়াহে সম্পন্ন কৰিব পৰা যাব যদিহে নিৰ্বাচন আয়োগে কোনো অসুবিধাৰ সৃষ্টি নকৰে। নিৰ্বাচন আয়োগে অসুবিধা কৰাৰ প্ৰশ্নই নাই কাৰণ এইগৰাকী শিক্ষামন্ত্ৰী মহোদয়ে বিগত ২০২০ চনত অনুষ্ঠিত হৈ যোৱা অসমৰ বিধানসভা নিবাচনত বিজেপিৰ নৱাগত উপযুক্ত সম্ভাৱনাপূৰ্ণ নেতা হিচাপে বিভিন্ন ঠাইত নিৰ্বাচনীসভাৰ ভাষণত কৈছিল যে বিজেপি দলে চৰকাৰ গঠন কৰিলে চৰকাৰ গঠনৰ ৪৫ দিনৰ ভিতৰত অসমত থকা ভেঞ্চাৰ বিদ্যালয়বোৰ প্ৰাদেশিকীকৰণ কৰা হ’ব। কিন্তু ৪৫দিনৰ সলনি প্ৰায় ১৮২৫ দিন অৰ্থাৎ ৫বছৰ পাৰ হওঁ হওঁ।
কেইদিনমান পূৰ্বে অনুষ্ঠিত অন্তিমখন বিধানসভাৰ অধিৱেশনৰ ৩ দিন দিছপুৰ লাষ্টগেটত পদ প্ৰাদেশিকীকৰণৰ পৰা বাদ পৰা শিক্ষক-কৰ্মচাৰীৰ চকুলোৰ বন্যা নামিছে আৰু ১০৪ খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীসকলৰ মনলৈ অনিশ্চয়তা নামি আহিছে বাৰুকৈয়ে। আকৌ হয়তো শিক্ষক- কৰ্মচাৰীসকল আন্দোলনৰ মাজলৈ ঘূৰি যাব। ভেঞ্চাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনলৈ কাল অমানিশা নামি আহিব।
এখন জনপ্ৰিয় চৰকাৰৰ ইতিবাচক কাৰ্যই কোনো ব্যক্তিৰ জীৱনলৈ নেতিবাচক দিশ কঢ়িয়াই আনিবলৈ নোৱাৰিব লাগে। কিন্তু ভেঞ্চাৰ বিদ্যালয়ৰ পদ প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়াত এনে ধৰণৰ কাৰ্যই সংঘটিত হৈ গ’ল। এতিয়াও নিৰ্বাচনী অধিসূচনা জাৰি হোৱা নাই। এখন চৰকাৰে ইচ্ছা কৰিলে কি কৰিব নোৱাৰে, সেয়ে অসম চৰকাৰ আৰু শিক্ষমন্ত্ৰী মহোদয়ে এইক্ষেত্ৰত পুনৰ বিবেচনা কৰিলে হাজাৰ হাজাৰ পৰিয়ালৰ মুখলৈ হাঁহি ঘূৰি আহিব।