২০২১ বৰ্ষৰ ভবেন বৰুৱা বঁটা প্ৰদান কৰা হব অসমীয়া চলচিত্ৰ তথা ভ্ৰাম্যমাণ নাট্য জগতৰ বলিষ্ঠ তথা জনপ্ৰিয় অভিনেতা নিপন গোস্বামী দেৱক

নলবাৰী, ১৮ আগষ্ট: বিশিষ্ট নাট্যৰসিক,পেচাদাৰী,অপেচাদাৰী নাট্যক্ষেত্ৰৰ স’তে জড়িত শিল্পী,কলা-কুশলী দৰ্শকৰ হৃদয়ত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা ভ্ৰাম্যমাণ নাট্য জগতৰ স্বনামধন্য নাট্য শিল্পী ভবেন বৰুৱা দেৱৰ স্মৃতি যুগমীয়া কৰাৰ হেপাহেৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,নলবাৰী জিলা সমিতিয়ে ২০০৯ ইং বৰ্ষৰ পৰা নলবাৰীত ভবেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতা আৰু অসমৰ নাট্য ক্ষেত্ৰত বিশিষ্ট বৰঙণি আগবঢ়োৱা একো গৰাকী নাট্য শিল্পীক ভবেন বৰুৱা বঁটা প্ৰদান কৰি আহিছে। পৰিষদৰ এই যাত্ৰাত অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ বিস্তৃত এলেকাৰ বিভিন্ন নাট্য দলৰ যোগদানে শিশু নাট প্ৰতিযোগিতাখনক এক বিশেষ মৰ্য্যদা কৰাটো সৰ্বজনবিদিত।এই মন্তব্য অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,নলবাৰী জিলা সমিতিৰ। আজি পৰিষদৰ জিলা সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সংবাদ মেলত উপস্থিত থাকি পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি পাৰ্থপ্ৰতীম শৰ্মা,সাধাৰণ সম্পাদক কৌশিক বৰ্মনে জনাই যে অহা ৪ চেপ্তেম্বৰ তাৰিখে গুৱাহাটী প্ৰেছ ক্লাৱত ২০২১ বৰ্ষৰ ভবেন বৰুৱা বঁটা প্ৰদান কৰা হব অসমীয়া চলচিত্ৰ তথা ভ্ৰাম্যমাণ নাট্য জগতৰ বলিষ্ঠ তথা জনপ্ৰিয় অভিনেতা নিপন গোস্বামী দেৱক। উল্লেখযোগ্য যে শিল্পীজনাৰ নাট্য প্ৰতিভাক চিৰস্মৰণীয় কৰাৰ প্ৰয়াসৰ বাবে যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে ইতিমধ্যেই ২০০৯ ইং বৰ্ষত বিশিষ্ট নাট পৰিচালক,সুদক্ষ অভিনেতা দুলাল ৰয়,২০১০ ইং বৰ্ষত গুৰুজী আদ্য শৰ্মা,২০১১ ইং বৰ্ষত বিশিষ্ট অভিনেতা বিজু ফুকন,২০১২ ইং বৰ্ষত বিশিষ্ট অভিনেতা নিলু চক্ৰবৰ্ত্তী,২০১৩ ইং বৰ্ষত বিশিষ্ট নাট্য শিল্পী মহানন্দ শৰ্মা,২০১৪ ইং বৰ্ষত বিশিষ্ট অভিনেতা জীৱেশ্বৰ ডেকা,২০১৫ ইং বৰ্ষত ভ্ৰাম্যমাণৰ মহীৰূহ অচ্যুত লহকৰ,২০১৬ ইং বৰ্ষত মঞ্চসূৰ্য,সংগীত নাটক অকাডেমী বঁটা প্ৰাপ্ত ধৰণী বৰ্মন,২০১৭ ইং বৰ্ষত ভ্ৰাম্যমাণ নাট্য জগতৰ বিশিষ্ট নাট্যকাৰ,অভিনেতা,পৰিচালক,গীতিকাৰ হেমন্ত দত্ত,২০১৮ ইং বৰ্ষত বিশিষ্ট অভিনেত্ৰী বিদ্যা ৰাওঁ,২০১৯ বৰ্ষত বিশিষ্ট নাট্যকাৰ পৰিচালক দাৰা আহমেদ,২০২০ বৰ্ষত বিশিষ্ট অভিনেতা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যক “ভবেন বৰুৱা বঁটা” প্ৰদান কৰিছে।
এই বঁটাত থাকিব নগদ ১০০০০ টকা,এখনি চেলেং চাদৰ,এটি ফুলাম জাপি,মানপত্ৰ,শৰাই,পৰিষদৰ স্মাৰক। উল্লেখ্য যে ক’ভিড পৰিস্থিতিৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰৰ ত্ৰয়োদশ বাৰ্ষিক ভবেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতা বাতিল কৰা হৈছে।