২০২১ ক বিদায় জনাবলৈ সাজু দেশবাসী

২০২১ ক বিদায় জনাবলৈ সাজু দেশবাসী

ৰূপাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা-  এতিয়া পুৰণি বিদায় দি নতুনক আদৰাৰ প্ৰস্তুতি ,২০২১ ক বিদায় জনাবলৈ সাজু দেশবাসী,পুৰণি বিদায় মানেই বনভোজৰ বতৰ।সেয়ে গোলাঘাটৰ ভিন্ন প্ৰান্তত সজাই তোলা হৈছে বনভোজ থলী।সেই অনুসৰি দৈয়াং নদীৰ পাৰত অৱস্থিত আইটনীয়া মিৰিগাঁৱত এদল যুৱকৰ প্ৰচেষ্ঠাত প্ৰাণ পাই উঠিছে প্ৰকৃতিৰ মনোমোহা পৰিৱেশত বনভোজস্থলী।সেয়ে আজি বনভোজ স্থলী শুভৰাম্ভ কৰে স্থানীয় গাঁওবুঢ়া কনেকেশ্বৰ বৰাই চুতীয়া যুৱ সন্মিলনীৰ কাৰ্যকৰী সভাপতি হিৰণ্য বৰাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি বনভোক স্থলীত যাতে কোনেও পৰিৱেশ বনিষ্ট কৰিব নোৱাৰে তাৰে বাবে এখন সমিতি গঠন কৰা হৈছে।