১ জুনৰ পৰা ‘অপেন বুক’ পদ্ধতিৰে গুৱাহাটী বিশ্ববিদ্যালয়ত আৰম্ভ হ’ব স্নাতকোত্তৰ পৰীক্ষা

বাৰ্ত্তােসেৱা – গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এক সিদ্ধান্ত গ্ৰহণ কৰি অনলাইন ব্যৱস্থাৰে স্নাতকোত্তৰ আৰু স্নাতক শাখাৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ তৎপৰ হৈছে। বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কে এই সম্পৰ্কীয় এক জাননী জাৰি কৰিছে আৰু সেই অনুসৰি পহিলা জুনৰ পৰা ১৫ জুনৰ ভিতৰত স্নাতকোত্তৰ শাখাৰ তথা জুনৰ দ্বিতীয় সপ্তাহৰ পৰা স্নাতক শাখাৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব। উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰাতপজ্যোতি সন্দিকৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদক, অসম কলেজ অধ্যক্ষ পৰিষদ, অসম কলেজ শিক্ষক সন্থা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিটো বিভাগৰে মুৰব্বী অধ্যাপক, বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ অধ্যক্ষ, জি ইউ আই এছ টিৰ সঞ্চালকৰ লগতে বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ সদস্য, পঞ্জীয়ক, সচিব আৰু পৰীক্ষা নিয়ন্ত্ৰকৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষাসমূহ কিদৰে অনুষ্ঠিত কৰিব পাৰে সেই সম্পৰ্কে বিস্তৃত আলোচনা কৰা হয়। আলোচনাৰ অন্তত বিশ্ববিদ্যালয়ে সৰ্বসন্মত সিদ্ধান্ত মৰ্মে ‘অপেন বুক ছিষ্টেম  [অ’ বি এছ]’ ব্যৱস্থাৰে অনলাইন পৰীক্ষ পতাৰ সিদ্ধান্ত লয়। সেই অনুসৰি স্নাতকোত্তৰ শাখাৰ পৰীক্ষাসমূহ ১ জুনৰ পৰা আৰম্ভ হৈ ১৫ জুনৰ ভিতৰত অন্ত পৰিব। সমান্তৰালভাৱে স্নাতক শাখাৰ পৰীক্ষাসমূহ জুনৰ দ্বিতীয় সপ্তাহৰ পৰা আৰম্ভ হ’ব বুলি কোৱা হৈছে যদিও নিৰ্দিষ্ট তাৰিখ এতিয়ালৈকে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ঘোষণা কৰা নাই। এই পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে তৎপৰ হোৱাৰ পাছতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই প্ৰতিটো বিভাগৰ মুৰব্বী অধ্যাপক আৰু মহাবিদ্যালয়ৰ অধ্যক্ষসকলক যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। এই বৈঠকখনে এখন বিশেষ কমিটীও গঠন কৰে। এই কমিটীয়ে পৰীক্ষা কিদৰে অনুষ্ঠিত কৰা হ’ব তথা যাৱতীয় পৰামৰ্শ পৰীক্ষা নিয়ন্ত্ৰকক প্ৰদান কৰিব।