১ জানুৱাৰীৰ পৰা জি এছ টি ৫ শতাংশৰ পৰা ১২ শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ

Pc The Economic Times

১ জানুৱাৰীৰ পৰা জি এছ টি ৫ শতাংশৰ পৰা ১২ শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ

ৰঙিলী বাৰ্ত্তাসেৱা- জি এছ টি কাউন্সিলৰ অনুমোদন মৰ্মে চেণ্ট্ৰেল ব’ৰ্ড অৱ ইনডাইৰেক টেক্সেছ এণ্ড কাষ্টমছ (চিবিআইচি)-এ ১ জানুৱাৰীৰ পৰা গার্মেণ্টছ, টেক্সটাইল আৰু ফুটৱেৰৰ জি এছ টি ৫ শতাংশৰ পৰা ১২ শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।  ১ জানুৱাৰীৰ পৰা এই সিদ্ধান্ত বলৱৎ হোৱাৰ লগে লগে এই উদ্যোগৰ লগত প্ৰত্যক্ষভাৱে আৰু আনুষংগিকভাৱে জড়িত ১৫ লাখতকৈ অধিক লোকে সংস্থাপন হেৰুৱাব। ক’ৰোনাপিষ্ট বস্ত্ৰ আৰু হস্ততাঁত উদ্যোগে সংকটৰ পৰা উদ্ধাৰ নৌপাওঁতেই পুনৰ ১২ শতাংশলৈ জি এছ টি বৃদ্ধি কৰা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তই এই উদ্যোগটোকে মৃত্যুৰ গৰাহলৈ ঠেলি দিয়াৰ শংকা ঘনীভূত হৈছে। ৮৫ শতাংশতকৈ অধিক উদ্যোগত নেতিবাচক প্রভাৱ পৰাৰ লগতে ৮০ শতাংশ উৎপাদিত সামগ্ৰীটো প্ৰভাৱ পৰিব। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে বিৰোধী দলৰ লগতে উদ্যোগটোৰ লগত জড়িতসকলে প্রতিবাদ কৰিলেও কেন্দ্ৰীয় চৰকাৰে নিজৰ সিদ্ধান্তত অটল হৈ থকাত ১ জানুৱাৰীৰ পৰা দেশৰ এই উদ্যোগসমূহো মহাসংকটত পৰাটো প্রায় নিশ্চিত। ক’ভিড-১৯ দ্বিতীয় জোৱাৰৰ সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰে অৰ্থনীতিত পৰা বিৰূপ প্ৰভাৱৰ পৰিপ্ৰেক্ষিতত ৰাজহ সংগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি বস্ত্ৰ আৰু হস্ততাঁত উদ্যোগত জি এছ টিৰ হাৰ বৃদ্ধিৰ সিদ্ধান্তই দেশৰ এই উদ্যোগত পৰোক্ষ আৰু প্রত্যক্ষভাৱে জড়িত অনেক লোকৰ সংস্থাপনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব। জি এছ টি বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত হস্ততাত শিপিনীৰ জীৱিকাৰ প্ৰতিও ভাবুকি অহাৰ পূৰ্ণ সম্ভাৱনা আছে। ক’ৰোনাপিষ্ট বস্ত্ৰ উদ্যোগে ধীৰে ধীৰে উজ্জীৱিত হ’বলৈ আগবাঢ়ি থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰৰ জি এছ টি বর্ধিত সিদ্ধান্ত উদ্যোগটোৰ বাবে ক্ষতিকাৰক হ’ব বুলি বিশেষজ্ঞসকলে স্পষ্টভাৱে প্ৰকাশ কৰিছে।বস্ত্ৰ ব্যৱসায়ীয়ে প্ৰকাশ কৰা মতে, বৰ্তমানৰ ৫ শতাংশ জি এছ টিয়ে গ্ৰাহকৰ পৰা ১,৫০০ কোটি টকা সংগ্ৰহ কৰি আছে; যিটো পৰৱৰ্তী সময়ত ৩,৬০০ কোটি বৃদ্ধি পাব।কিন্তু ৫ শতাংশৰ পৰা ১২ শতাংশলৈ জি এছ টি বৃদ্ধি কৰিলে গ্ৰাহকৰ ওপৰত অতিৰিক্ত বোজা ২,১০০ কোটি টকা হ’ব। ২০২২ বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা নতুন জি এছ টিৰ হাৰ বলবৎ হ’লেই গ্ৰাহকে অতিৰিক্ত ২,১০০ কোটি টকাৰ বোজা বহন কৰিব।