১৯ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিৱেশন

অনলাইন বাৰ্ত্তাসেৱা-  ১৯ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিৱেশন।এই অধিৱেশনত ৩ খন অধ্যাদেশ, ১৭ খন নতুন বিধেয়ক উত্থাপনৰ সম্ভাৱনা আছে।অধিৱেশনৰ প্ৰাকমুহূৰ্তত শনিবাৰে আহ্বান কৰিছে এক সৰ্বদলীয় বৈঠক।দিনৰ ১১বজাত অনুষ্ঠিত হ’ব এই সৰ্বদলীয় বৈঠক।আনহাতে বয়লি ৩ বজাত অনুষ্ঠিত হ’ব এন ডি এৰ এক গুৰুত্বপূৰ্ণ বৈঠক।এইবাৰৰ বৰ্ষাকালীন অধিৱেশনত প্ৰেট্ৰ’ল, ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰসংগই সংসদ উত্তাল কৰাৰ সম্ভাৱনা আছে। by utpal kalita