১৯ ছেপ্তেম্বৰৰ পৰা অনুস্থিত হ’ব আই পি এলৰ বাকী থকা মেচসমূহ

pc Business Standard

অনলাইন বাৰ্ত্তাসেৱা – আই পি এলৰ মেচসমূহ অনুষ্ঠিত হ’ব ১৯ ছেপ্টেম্বৰৰ পৰা। সংযুক্ত আৰৱ এমিৰেটছ (UAE) ত অনুষ্ঠিত হ’ব আই পি এলৰ বাকী থকা মেচসমূহ। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে আই পি এলৰ বাকী থকা মেচসমূহ আগন্তুক ২৫ দিনৰ ভিতৰত অনুষ্ঠিত কৰিবলৈ সাজু হৈছে। এই প্ৰতিযোগিতাৰ চূড়ান্ত মেচখন ১৫ অক্টোবৰত অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে। প্ৰকাশিত খবৰ অনুসৰি, ডুবাই, আবু ধাবি আৰু ছাৰজাহত আই পি এলৰ মেচসমূহ অনুষ্ঠিত কৰা হ’ব। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এমিৰেটছ ক্ৰিকেট ব’ৰ্ডৰ লগত ইতিমধ্যে এই বিষয়ে আলোচনা কৰিছে।