১৭ বছৰীয়া দৌৰবিদ “এৰিয়’নে” ভংগ কৰে “উছেইন বোল্ট”ৰ বিশ্ব অভিলেখ

pc Report Door

অনলাইন বাৰ্ত্তাসেৱা – আমেৰিকা যুক্তৰাষ্ট্ৰৰ ১৭ বছৰীয়া দৌৰবিদ “এৰিয়’ন নাইটনে” আঠবাৰৰকৈ অলিম্পিক স্বৰ্ণ পদক বিজয়ী “উছেইন বোল্ট”ৰ ২০০ মিটাৰ দৌৰৰ বিশ্ব অভিলেখ ভংগ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অলিম্পিক ট্ৰায়েলৰ পুৰুষৰ ২০০ মিটাৰ ছেমি ফাইনেলত এৰিয়নে ১৯.৮৮ ছেকেণ্ডত দৌৰ সমাপ্ত কৰি উছেইন বোল্টৰ ১৯.৯৩ ছেকেণ্ডৰ অনুৰ্ধ-২০ বিশ্ব অভিলেখ ভংগ কৰে। ১৭ বছৰ বয়স অতিক্ৰম কৰাৰ পিছত এই বছৰৰ আৰম্ভণিতে জানুৱাৰীত এৰিয়’নে এজন দক্ষ খেলুৱৈ হিচাপে স্বীকৃতি লাভ কৰে।