১৬ জুনৰ পৰা সাত দিনলৈ শুৱালকুছিত আৰু অধিক কঠোৰ হ’ব লকডাউন

pc my room

অনলাইন বাৰ্ত্তাসেৱা – জিলা প্রশাসনে শুৱালকুছিস্থিত লোকনির্মাণ বিভাগৰ ডাক বঙলাত কামৰূপৰ উপায়ুক্ত কৈলাস কার্তিকৰ অধ্যক্ষতাত এখন গুৰুত্বপূর্ণ সভা অনুষ্ঠিত কৰে। সভাত জিলা প্রশাসন, স্বাস্থ্য বিভাগ, স্থানীয় গাঁওবুঢ়া, তিনিওখন পঞ্চায়তৰ সভাপতি কাউঞ্চিলাৰসকল আৰু স্থানীয় মুখিয়াল লোক উপস্থিত থাকে। সভাৰ শেষত উপায়ুক্তগৰাকীয়ে সাংবাদিকক সম্বোধন কৰি কয় যে শুৱালকুছিবাসীক ক’ৰোনা মহামাৰীৰ পৰা ৰক্ষা কৰাৰ স্বার্থত ১৬ জুনৰ পৰা সাত দিনলৈ শুৱালকুছিৰ জনসমাগম হোৱা বজাৰ এলেকাসমূহৰ মাছ–মাংস আৰু শাক–পাচলিৰ দোকান সম্পূর্ণ বন্ধ থাকিব। আনহাতে, চৰকাৰে বান্ধি দিয়া প্রট’কল অনুসৰি বাকী দোকান খোলা থাকিব যদিও ক’ভিড প্রট’কল সম্পূর্ণকৈ মানি চলিব লাগিব। ক’ভিড প্রট’কল ভংগকাৰীৰ ব্যৱসায়িক প্রতিষ্ঠানৰ ক্ষেত্রত জিলা প্রশাসনে কঠোৰ আইনী ব্যৱস্থা গ্রহণ কৰিব৷ প্রয়োজনত ব্যৱসায়িক প্রতিষ্ঠানৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি ছীল কৰি দিয়া হ’ব। শুৱালকুছি গেটত অস্থায়ী বেৰিকেড বহুওৱা হ’ব আৰু গাঁওখনৰ পৰা মানুহৰ ওলোৱা–সোমোৱাত নিষেধজ্ঞা থাকিব। অৱশ্যে উপযুক্ত অনুমতি থকা আৰু দুয়োটা ক’ভিড ভেকচিন লোৱা চৰকাৰী কর্মচাৰী কর্তব্যলৈ যাব পাৰিব। ব্যক্তিগত কোম্পানীত কাম কৰাসকলেও এই এসপ্তাহ যাব নোৱাৰিব। শুৱালকুছিত ক’ভিডৰ গম্ভীৰ পৰিস্থিতিৰ বাবে গাঁওখনত অধিক আৰক্ষী, চি আৰ পি এফ জোৱান মোতায়েন কৰা হ’ব। বৈঠকত জিলা উপায়ুক্তৰ উপৰি সহকাৰী আয়ুক্ত প্রীতি কুমাৰী, হাজো ৰাজহ চক্র বিষয়া সুকন্যা বৰা, শুৱালকুছি খণ্ড উন্নয়ন বিষয়া অর্চনা দাস, মহকুমা স্বাস্থ্য বিষয়া ডাঃ দীপক চন্দ্র দাস আমিনগাঁও এম এছ এম ই ক’ভিড কেন্দ্রৰ বিষয়া ডাঃ কার্তিক চন্দ্র মেধি আদি উপস্থিত থাকে।