১৫-১৮ বছৰৰ কিশোৰ-কিশোৰীৰ দ্বিতীয় পালি ভেকচিন প্ৰদান কাৰ্যসূচী আৰম্ভ

১৫-১৮ বছৰৰ কিশোৰ-কিশোৰীৰ দ্বিতীয় পালি ভেকচিন প্ৰদান কাৰ্যসূচী আৰম্ভ

ৰঙিলী বাৰ্ত্তাসেৱা-  ১৫-১৮ বছৰৰ কিশোৰ-কিশোৰীৰ দ্বিতীয় পালি ভেকচিন প্ৰদান কাৰ্যসূচী আৰম্ভ হৈছে।যিসকল কিশোৰ-কিশোৰীৰে ৩ জানুৱাৰীৰ পৰা ক’ভিড ভেকচিন গ্ৰহণ কৰিছিল সেইসকলে ২৮ দিন সম্পূৰ্ণ হোৱাৰ লগে লগে পৰ্যায়ক্ৰমে দ্বিতীয়পালি গ্ৰহণ কৰিব পাৰিব।কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ নিৰ্দেশ মৰ্মে,কেৱল কভাক্সিনহে কিশোৰ-কিশোৰীসকলক প্ৰদানৰ বাবে অনুমতি দিয়া হৈছে।শনিবাৰৰ লৈকে দেশত প্ৰায় ৮ লাখ, ৪ হাজাৰ ৬৯০গৰাকী কিশোৰ-কিশোৰীয়ে ক’ভিডৰ প্ৰথম পালি ভেকচিন গ্ৰহণ কৰিছে।