১৫ ফেব্ৰুৱাৰীৰ পৰা ক’ভিড সম্পৰ্কীয় সকলো বাধা-নিষেধ প্রত্যাহাৰ কৰা হ’বঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

pc Facebook

১৫ ফেব্ৰুৱাৰীৰ পৰা ক’ভিড সম্পৰ্কীয় সকলো বাধা-নিষেধ প্রত্যাহাৰ কৰা হ’বঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই নলবাৰীত সংবাদ মাধ্যমৰ আগত কয় যে অসমত ক’ভিডৰ সংক্রমণ বৃদ্ধি নহয় তেতিয়াহ’লে অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা ক’ভিড সম্পৰ্কীয় সকলো বাধা-নিষেধ প্রত্যাহাৰ কৰা হ’ব। বর্তমানে নিশাৰ ভাগত বলৱৎ হৈ থকা সান্ধ্য আইন প্রত্যাহাৰ কৰা হ’ব। স্কুল-কলেজ আদিও খোলা হ’ব। বহাগ বিহু আদিও পাতিব পাৰিব।মুখ্যমন্ত্ৰীয়ে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া সকলো শিক্ষাৰ্থীক কোভিড-১৯ৰ বিৰুদ্ধে টিকাকৰণ কৰিবলৈ আহ্বান জনায়।