১৫ নৱেম্বৰৰ পৰা দহ লাখ লোকক টাৰ্গেট কৰি গাঁৱে গাঁৱে ভেকচিন দিয়া হ’বঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

১৫ নৱেম্বৰৰ পৰা দহ লাখ লোকক টাৰ্গেট কৰি গাঁৱে গাঁৱে ভেকচিন দিয়া হ’বঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা-  খানাপাৰা ষ্টাফ কলেজত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন।সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা।তীব্ৰতৰ হ’ব ভেকচিন প্ৰদানৰ কাম।১৫ নৱেম্বৰৰ পৰা গাঁৱে গাঁৱে প্ৰদান কৰা হ’ব ক’ভিডৰ ভেকচিন।১০ নৱেম্বৰৰ পৰা ঘৰে ঘৰে যাব চিকিৎসা কৰ্মী।বয়স্কসকলে ঘৰৰ পৰা ওলাই আহি ভেকচিন ল’ব বিচৰা নাই৷সেয়ে অহা ১৫ নৱেম্বৰৰ পৰা দহ লাখ লোকক টাৰ্গেট কৰি গাঁৱে গাঁৱে ভেকচিন দিয়া হ’ব৷অহা ১০ তাৰিখৰ পৰা সাত দিনীয়াকৈ এই ভেকচিনেচন অভিযান চলোৱা হ’ব।দুই কোটি লোকক ভেকচিন দিয়াত যেনেকৈ অভিযান চলোৱা হৈছিল তেনেকৈয়ে দিয়া হ’ব৷ নৱেম্বৰৰ ভিতৰত ভেকচিন দি শেষ কৰিব লাগিব৷১৫ জানুৱাৰীৰ ভিতৰত দুয়োপালি ভেকচিন দি শেষ কৰা হ’ব৷এই মাহত দ্বিতীয় পালি ভেকচিন এক কোটি লোকক দিয়াৰ দিহা কৰা হৈছে।ইতিমধ্যে ২ কোটি ৭৬ লাখ লোকক প্ৰথম ড’জ ভেকচিন প্ৰদান কৰা হৈছে।আমাৰ টাৰ্গেট দুই কোটি দহ লাখ আছিল৷আমি টাৰ্গেটৰ ওপৰত গৈছো৷