১৫ জুনত ২০ বছৰ সম্পূৰ্ণ কৰে অস্কাৰ মনোনীত চলচ্চিত্ৰ ‘লগানে’

pc Deccan Herald

অস্কাৰ মনোনীত চলচ্চিত্ৰ ‘লগানে’ ১৫ জুনত ইয়াৰ ২০ বছৰ সম্পূৰ্ণ কৰে। এখন বিশেষ অনুষ্ঠানত, চলচ্চিত্ৰখনৰ দলটোৱে মহামাৰী পৰিস্থিতিৰ বাবে এক ‘ভাৰ্চুৱেল ৰিইউনিয়ন’ কৰিছিল। ই আৰু অধিক ব্যতিক্ৰমী হৈ পৰিছিল, যেতিয়া কেপ্টেইন ৰাছেল ওৰফে পল ব্লেকথৰ্ণ আৰু ৰাচেল শ্বেলীকো ভুমুকি মৰা দেখা গৈছিল।

     এ.আৰ. ৰহমানে এটা স্ক্ৰীণশ্বট লৈ তেওঁৰ অনুৰাগীসকলৰ সৈতে ‘ভাৰ্চুৱেল ৰিইউনিয়ন’ৰ মূহুৰ্তবোৰৰ ভাগ বতৰা কৰিছিল। ইয়াৰ জড়িয়তে পল ব্লেকথৰ্ণ, ৰাচেল শ্বেলী আৰু চলচ্চিত্ৰ নিৰ্মাতা আশুতোষ গোৱাৰিকাৰ, অভিনেতা সুহাসিনী মুলায়, প্ৰদীপ ৰাৱট, যশপাল শৰ্মা, অখিলেন্দ্ৰ মিশ্ৰ, এ. আৰ. ৰহমানৰ সৈতে আমিৰ খানৰ উপস্থিতি দেখা হৈছিল। সংগীত শিল্পীজনে পোষ্টটোৰ কাষত এটা টোকা লিখিছিল য’ত লিখা আছিল, “#20YearsOfLagaan an emotional and proud team!”