১৫ অক্টোবৰত পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

Pc the janambhumi

১৫ অক্টোবৰত পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

ৰঙিলী বাৰ্ত্তাসেৱা-  পৰ্যটকক আদৰিবলৈ পুনৰ সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ৷অহা ১৫ অক্টোবৰত পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷ ৰাজ্যৰ মুখ্য প্ৰধান বন সংৰক্ষক এম কে যাদৱে এই কথা প্ৰকাশ কৰিছে৷এইবাৰ পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণ হ’ব গঁড়ৰ খৰ্গৰ ছাইৰে নিৰ্মিত তিনিটা গঁড়ৰ প্ৰতিমূৰ্তি৷২০২১ বৰ্ষৰ ২২ ছেপ্টেম্বৰত দাহ কৰা গঁড়ৰ খৰ্গৰে নিৰ্মাণ কৰি থকা হৈছে গঁড়ৰ প্ৰতিমূৰ্তিকেইটা৷উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰতি বছৰে এক অক্টোবৰত পৰ্যটকৰ বাবে জীপ ছাফাৰী আৰু এক নৱেম্বৰত হাতী ছাফাৰী মুকলি কৰা হয়৷এইবাৰ বতৰৰ প্ৰতিকুল অৱস্থাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰাৰ ক্ষেত্ৰত থমকি ৰ’বলগীয়া হৈছে উদ্যান কৰ্তৃপক্ষ৷