১৫১ টেষ্ট ইনিংছত ৮,০০০ ৰাণ সংগ্ৰহ কৰা কৃতিত্ব অৰ্জন ষ্টিভ স্মিথৰ

১৫১ টেষ্ট ইনিংছত ৮,০০০ ৰাণ সংগ্ৰহ কৰা কৃতিত্ব অৰ্জন ষ্টিভ স্মিথৰ

ৰঙিলী বাৰ্ত্তাসেৱা– অষ্ট্ৰেলিয়া টেষ্টৰ উপ-অধিনায়ক ষ্টিভ স্মিথ টেষ্ট ইতিহাসত ৮,০০০ ৰাণ সংগ্ৰহ কৰা দ্ৰুততম বেটাৰ হৈ পৰিছে। পাকিস্তানৰ বিৰুদ্ধে লাহোৰ টেষ্টৰ দ্বিতীয় ইনিংছত ৩২ বছৰীয়া খেলুৱৈগৰাকীয়ে তেওঁৰ ১৫১ তম টেষ্ট ইনিংছত ৮,০০০ ৰাণৰ সীমা অতিক্ৰম কৰি এই কৃতিত্ব অৰ্জন কৰে। পূৰ্বৱৰ্তী অভিলেখটো কুমাৰ চাংগাকাৰাৰ হাতত আছিল, যিয়ে মাইলৰ খুঁটিত উপনীত হ’বলৈ ১৫২ টা ইনিংছ লৈছিল।