১১ জানুৱাৰীত ৰবীন্দ্ৰ ভৱনত ‘তৰিলে দেশ, মৰিলে স্বৰ্গ’

p.c. Twitter

১১ জানুৱাৰীত ৰবীন্দ্ৰ ভৱনত ‘তৰিলে দেশ, মৰিলে স্বৰ্গ’

গুৱাহাটী, ১০ জানুৱাৰীঃ আজাদী কা অমৃত মহোৎসৱ উপলক্ষে গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত অহা ১১ জানুৱাৰীৰ সন্ধিয়া ৫.৩০ বজাত ‘তৰিলে দেশ, মৰিলে স্বৰ্গ’ নামৰ এখন আলেখ্য মঞ্চস্থ কৰা হ’ব। তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত এই আলেখ্যখনি মঞ্চস্থ কৰা হ’ব। ‘তৰিলে দেশ, মৰিলে স্বৰ্গ’ৰ জৰিয়তে বৃটিছ ঔপনিবেশিকতাৰ বিৰুদ্ধে দেশৰ স্বাধীনতা যুঁজত অংশগ্ৰহণ কৰা অসমৰ স্বাধীনতা যুঁজাৰুসকলৰ অদম্য স্বাধীনতা স্পৃহা উপস্থাপন কৰা হ’ব। এই আলেখ্যখনিৰ পৰিকল্পনা আৰু পৰিচালনা অনুপজ্যোতি চৌধুৰীৰ।