১০ দিন আগতে ৱাৰ্ডেনলৈ পত্ৰ প্ৰেৰণ কৰিছিল আনন্দ শৰ্মাই

ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত ভয়ংকৰ ৰেগিং কাণ্ডই কঁপাই গৈছে ৰাজ্য । ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসত সংঘটিত ৰেগিঙৰ ভয়ংকৰ কাণ্ড পোহৰলৈ অহাৰ পাছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ কঠোৰ নিদেৰ্শত ইতিমধ্যে চাৰিজনক আটক কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে । এতিয়াও পলাতক মূল অভিযুক্ত ৰাহুল ছেত্ৰীক বিচাৰি ডিব্ৰুগড় আৰক্ষীয়ে বিভিন্ন স্থানত চলাইছে অভিযান । ইফালে ঘটনা পোহৰলৈ অহাৰ পাছতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সোমবাৰে সংবাদমেল অনুষ্ঠিত কৰি নিজৰ স্থিতি স্পষ্ট কৰিছিল যদিও বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সিদ্ধান্তক লৈ বহুজনে সমালোচনা কৰা পৰিলক্ষিত হৈছে ।পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ পৰা বহিষ্কাৰ কৰিলে গালব ডেকা, নিৰঞ্জন যাদৱ, কল্যাণ দত্ত, সীমান্ত হাজৰিকা, প্ৰাণজিৎ বৰুৱা, চন্দনজ্যোতি বৰা সোণোৱাল, শিৱম শ্ৰফ, পাছাংখাম বৰুৱা, পল্লৱ বৰা, চিত্ৰবন বৰুৱা, নাৰায়ণ অধিকাৰী, নয়নজিৎ ঠেঙাল, মনোৰঞ্জন দাস, মৌচম ফুকন, বিশাল ডেকা, নৱদ্বীপ শৰ্মা, দেৱাশিস বিশ্বাস আৰু অমৰজ্যোতি নাথ নামৰ ১৮ জনকৈ ছাত্ৰক । কিন্তু ইয়াৰ পাছতো আনন্দ শৰ্মাৰ পৰিয়ালৰ লগতে কোনো লোকেই সন্তুষ্ট হ’ব পৰা নাই ৷ ১০ দিন আগতে ৱাৰ্ডেনলৈ প্ৰেৰণ কৰা পত্ৰত ৰেগিঙৰ নামত আতিশয্য চলোৱা ১০ জন ছাত্ৰৰ নাম উল্লেখ কৰিছল আনন্দ শৰ্মাই । কিন্তু বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আনন্দ শৰ্মাৰ অভিযোগ পত্ৰক কোনো গুৰুত্বই প্ৰদান নকৰিলে । ঘটনা সংঘটিত হোৱাৰ ১০ দিনৰ পূৰ্বে আনন্দ শৰ্মাই দিয়া পত্ৰখনক হোষ্টেল ৱাৰ্ডেনে গুৰুত্ব প্ৰদান কৰা হ’লে নিশ্চয় আজি মৃত্যুৰ সৈতে যুঁজিব লগা নহ’ল হয় আনন্দ শৰ্মা নামৰ মেধাৱী ছাত্ৰজন ।