১০ কোটি বনাম ৯ কোটি

pc TIMES8 News

১০ কোটি বনাম ৯ কোটি

অনলাইন বাৰ্ত্তাসোৱা – অখিল গগৈৰ বিৰুদ্ধে ১০কোটি টকা বিচৰাৰ অভিযোগ অনা এ.আই.ইউ.ডি.এফে. এতিয়া নিজেই টিকট বেচি ৯ কোটি লোৱাৰ অভিযোগ উঠিল। ছইবৰ ৰহমানে উদঙালে এ.আই.ইউ.ডি.এফে. কেনেকৈ একোগৰাকী প্ৰাৰ্থীৰ পৰা কমেও ৯কোটিকৈ টকা ভেটি হিচাপে লৈছিল। কংগ্ৰেছৰ লগত বুজাবুজি কৰি ছিটবোৰ লৈ ছইবৰ ৰহমানৰ দৰে দুৰ্নীতিগ্ৰস্ত মানুহবোৰক বেচি দিছিল এআইইউডিএফে। এনেকৈ এআইইউডিএফে কেইবাশ কোটি টকা গোটাইছিল বুলি যদি কও ভুল কোৱা নহ’ব ! জিকিবলৈ নহয়, বেচিবলৈহে এআইইউডিএফে জধে-মধে সমষ্টিবোৰ কংগ্ৰেছৰ পৰা লৈছিল। ধনৰ বিনিময়ত নিৰ্বাচনৰ টিকট বেচা আজমল আৰু এআইইউডিএফৰ বিৰুদ্ধে তদন্ত হ’বনে ? এনেকুৱা দল আৰু ৰাজনীতিক গণতন্ত্ৰৰ বাবে বিপদজনক।
দ্বিতীয়তে, উত্তৰ কাছাৰ (বৰ্তমান ডিমা হাচাও)পাৰ্বত্য জিলাত সংঘটিত হোৱা এহেজাৰ কোটি টকীয়া কেলেংকাৰীৰ তদন্ত নিয়াই কৰিছিল। নিয়াই তদন্ত কৰাৰ পাছতো ছইবৰ ৰহমান কেনেকৈ বাচি গৈছিল ? উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ পৰাই ছইবৰে আটাইতকৈ বেছি টকা লুটিছিল বুলি বাতৰি ওলাইছে। নিয়াৰ তদন্তই গভাইত আৰ এইছ খানক ধৰিলে, ছইবৰ সাৰিল। নিয়াই কথাবোৰ জনাওঁক। নহ’লে দেশৰ সৰ্বোচ্চ তদন্তকাৰী সংস্থা বিতৰ্কৰ মাজত সোমাইছে।

(জিতুমণি বৰা)