১ম বাৰ্ষিক অভিনৱ বৰা সোঁৱৰণী নগাওঁ প্ৰিমিয়াৰ লীগৰ সফল আৰম্ভণি

১ম বাৰ্ষিক অভিনৱ বৰা সোঁৱৰণী নগাওঁ প্ৰিমিয়াৰ লীগৰ সফল আৰম্ভণি

দেৱাশীষ গোস্বামী, নগাঁও, ৰঙিলী বাৰ্ত্তাসেৱা-  সদ্য গঠিত নগাঁও ক্ৰিকেটাৰ্ছ ক্লাবৰ উদ্যোগত যোৱা ২৮ এপ্ৰিলৰ পৰা নগাঁও নুৰুল আমিন ষ্টেডিয়ামত ১ম বাৰ্ষিক অভিনৱ বৰা সোঁৱৰণী নগাঁও প্ৰিমিয়াৰ লীগৰ আৰম্ভণি হৈছে। ২৮এপ্ৰিল , বৃহস্পতি বাৰে পুৱা নগাঁও ক্ৰীড়া সংস্থাৰ খেলপথাৰত নগাঁও ক্ৰিকেটাৰ্ছ ক্লাবৰ হৈ সভাপতি অৰ্পণ দাসে পতাকা উত্তোলন কৰে। দেৱাশীষ গোস্বামী আৰু মৃণাল হাজৰিকাই আঁত ধৰা সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নগাঁও সদৰ সমষ্টিৰ বিধায়ক মাননীয় ৰূপক শৰ্মা দেৱ আৰু লগতে নগাঁও জিলাৰ নৱনিযুক্ত আৰক্ষী অধিক্ষক লীনা দলে মহোদয়া। পতাকা উত্তোলনৰ পিছত অভিনৱ বৰাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলনেৰে আন্তৰিক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে তেখেতৰ পত্নী কবিতা বৰা তথা পৰিয়ালবৰ্গ, বিশিষ্ট অতিথিদ্বয়ৰ লগতে নগাঁও ক্ৰিকেটাৰ্ছ ক্লাব তথা উপস্থিত সকলো গণ্য মান্য ব্যক্তিয়ে। বিশিষ্ট অতিথিদ্বয়ৰ লগতে অভিনৱ বৰাৰ পত্নী কবিতা বৰাই স্বৰ্গীয় অভিনৱ বৰাৰ কৰ্মৰাজী তথা নগাঁও ক্ৰিকেটলৈ তেখেতে আগবঢ়োৱা বিভিন্ন অৱদানৰ ওপৰত চমু আলোকপাত কৰে। নগাঁও প্ৰিমিয়াৰ লীগৰ শুভাৰম্ভনিৰ সুযোগতে বহুতো পুৰণি ক্ৰিকেট খেলুৱৈ, বিভিন্ন ক্ৰীড়া সংগঠক, নগাঁও প্ৰিমিয়াৰ লীগৰ বিভিন্ন স্পনছৰ সকলক একোখনি ফুলাম গমোচাৰে সম্বৰ্ধনা জনোৱাৰ সুবৰ্ণ সুযোগ কণ নগাঁও ক্ৰিকেটাৰ্ছ ক্লাবৰ সদস্য সকলে এৰি নিদিলে। তাৰ পাছতে বিশিষ্ট অতিথিদ্বয় তথা অভিনৱ বৰাৰ পত্নীয়ে উদ্বোধনী খেলৰ খেলুৱৈ সকলৰ সৈতে পৰিচয় হয় আৰু মাননীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াই হাতত বেটলৈ টুৰ্ণামেণ্ট খনৰ শুভাৰম্ভ ঘটে বুলি ঘোষণা কৰে। একান্তই উল্লেখযোগ্য যে নগাঁও ক্ৰিকেট তথা নগাঁও ক্ৰীড়া জগতৰ লগত ওতঃপ্ৰোত ভাবে জড়িত নবীন কলোৱাৰ, দেৱজিত দাস, দেৱজ্যোতি গোস্বামী আৰু লোকজিত গোস্বামীৰ মূল চিন্তা তথা প্ৰচেষ্টাৰ ফলত মুঠ প্ৰায় ২২জন মান সদস্যেৰে সদ্য গঠিত নগাঁও ক্ৰিকেটাৰ্ছ ক্লাব হ’ল বিভিন্ন ন-পুৰণি ক্ৰিকেট খেলুৱৈৰ সমাহাৰ আৰু মূল লক্ষ্য হ’ল উদীয়মান ক্ৰিকেটাৰ সকলক সৰ্বতোপকাৰে সফলতাৰ দিশত আগুৱাই নিয়া। সেয়েহে নগাঁও ক্ৰিকেটাৰ্ছ ক্লাবে সকলো ক্ৰীড়া প্ৰেমী তথা সুহৃদ ৰাইজৰ সদা সহযোগিতা তথা আশীৰ্বাদ একান্তই কামনা কৰিছে। উল্লেখযোগ্য যে উদ্বোধনী খেলখনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল ক্ৰমে কামপুৰ লায়নছ আৰু পানীগাঁও পেন্থাৰ্ছে। উক্ত খেলখনত কামপুৰ লায়নছে ৮১ ৰাণত জয়লাভ কৰে। কামপুৰ লায়নছৰ বিজয়ত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা ধীৰাজ গোস্বামীৰ অপৰাজিত ৬৪ ৰাণ তথা দুটা উইকেট দখলেৰে মন অব দ্য মেটছ বিবেচিত হয়। পূৰণিগুদাম গোঁসাই গাঁও নিবাসী নিতুমনি গোস্বামীয়ে তেখেতৰ স্বৰ্গগত পিতৃ বিৰেণ গোস্বামীৰ সোঁৱৰণত মেন অব দ্য মেটছ ট্ৰফীটো প্ৰদান কৰে। আগদিনা অৰ্থাৎ ২৭ এপ্ৰিলৰ নিশা অহা বতাহ ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰাৰ পৰিপ্ৰেক্ষিতত নিৰ্ধাৰিত সময়তকৈ কিছু পলমকৈ অনুষ্ঠান আৰম্ভ কৰিব লগীয়া হোৱাৰ বাবে উদ্যোক্তা নগাঁও ক্ৰিকেটাৰ্ছ ক্লাবে দুখ প্ৰকাশ কৰিছে। যোৱাকালি অৰ্থাৎ ২৯ এপ্ৰিল শুক্ৰবাৰে হোৱা দুখন খেলত ক্ৰমে আমোলপট্টি চুপাৰ জায়েন্টছে হয়বৰগাওঁ সলাসৰ ষ্টাৰক তীব্রপ্ৰতিদ্বন্দিতা মূলক খেলত মাত্র ৩ ৰানত পৰাস্ত কৰে। দিনতোৰ দ্বিতীয় খন খেলত ডিফলু ডেয়াৰ ডেভিলছে পলি টাইটানচক ৪ উইকেটত পৰাস্ত কৰে। উল্লেখযোগ্য যে যোৱাকালিৰ প্রথম খন খেলত মেন অব দা মেটছ ৰূপে বিবেচিত ৰাজ আগৰৱালাক তেজপুৰ নিবাসী তথা মহিন্দ্রা এণ্ড মহিন্দ্রাৰ অথৰাইজড ডিলাৰ মহাভৈৰৱ অট এল এল পিৰ ছেলছ মেনেজাৰ ক্ষীৰোদ দাসে তেখেতৰ স্বৰ্গগত পিতৃ দেবেন চন্দ্ৰ দাসৰ সোঁৱৰণত মেন অব দ্য মেটছ ট্ৰফীটো প্ৰদান কৰে।দিনটোৰ দ্বিতীয় খন খেলত ডিফলু ডেয়াৰডেভিলছৰ অনুপম হাজৰিকাই ইলি গোস্বামী সোঁৱৰণী মেন অব দ্য মেটছ ট্ৰফী লাভ কৰে।যোৰহাটৰ নেহেৰু পাৰ্ক নিবাসী শুভাশিষ গোস্বামী আৰু পৰিয়ালবৰ্গই শুভাশিষ গোস্বামীৰ স্বৰ্গগত মাতৃৰ সোঁৱৰণত উক্ত ট্ৰফীটো আগবঢ়াই। ৩০এপ্ৰিল শণিবাৰে প্ৰথমখন খেলত আলিটেঙ্গনী গেলেক্সীয়াই হয়বৰগাওঁ ছলাছৰ ষ্টাৰৰ বিপক্ষে আৰু দ্বিতীয় খন খেলত হয়বৰগাওঁ থাণ্ডাৰ্ছে পানীগাওঁ পেণ্ঠাৰ্ছৰ বিপক্ষে প্ৰতিদন্ধীতা আগবঢ়াব। এখন আটকধুনীয়া টুৰ্ণামেণ্ট সমূহ ক্ৰীড়া প্ৰেমী ৰাইজক উপহাৰ দিবলৈ প্ৰতিজ্ঞাবদ্ধ নগাঁও ক্ৰিকেটাৰ্ছ ক্লাবৰ সদস্য সকলে প্ৰতিকূল বতৰৰ পৰা পৰিত্ৰাণ বিচাৰি বৰুণ দেৱতালৈ সেৱা আগবঢ়াইছে আৰু এখন আটকধুনীয়া টুৰ্ণামেণ্টৰ সফল সমাপ্তি কামনা কৰিছে।নগাঁও ক্ৰিকেৰ্টাছ ক্লাবে ‘নগাঁও প্ৰিমিয়াৰ লীগ’ টুৰ্ণামেণ্ট খনলৈ আগবঢ়োৱা সমূহ ট্ৰফী দাতা,স্পনছৰ তথা বিভিন্ন ধৰণে সহায় সহযোগিতা আগবঢ়োৱা সকলো সুহৃদ ৰাইজক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে। টুৰ্ণামেণ্ট খনৰ অন্যতম স্পনছৰ হিচাপে ৰঙিলী বাৰ্তাৰ সমূহ পৰিয়ালবৰ্গ আজি গৌৰাম্বিত।