হোজাইৰ লংকাত সংঘটিত হ’ল চিকিৎসকৰ ওপৰত গণপ্ৰহাৰৰ কাণ্ড

pc India Today

অনলাইন বাৰ্ত্তাসেৱা – কোভিডৰ এই কঠিন পৰিস্থিতিত জনসাধাৰণৰ বাবে দিনে নিশাই সেৱা আগবঢ়াই অহা চিকিৎসকক এচাম লোকে নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ এক জঘন্য ঘটনা সংঘটিত হয় অসমৰ হোজাই জিলাৰ লংকাত “উদালি মডেল”  নামৰ চিকিৎসালয়খনত।চিকিৎসালয়ৰ কোভিডৰ চিকিৎসাত ব্যস্ত এজন চিকিৎসকক যোৱাকালি অক্সিজেনৰ অভাৱৰ বাবে মৃত্যু হোৱা এজন কোভিড ৰোগীৰ বাবে আত্মীয়সকলে ধাতুৰ পাত্ৰ আৰু ইটাৰে নিৰ্দয়ভাৱে প্ৰহাৰ কৰে। এই নৰাধম স্থানীয় লোকসকলে ডাঃ সেউজকুমাৰ সেনাপতি নামৰ চিকিৎকজনক কৰা আক্ৰমণৰ ফলত চিকিৎসালয় খনৰ আন চিকিৎসাকৰ্মীসকল পলাবলৈ বাধ্য হৈছিল।সংঘটিত হোৱা এই হিংসাত্মক ঘটনাৰ এটা ভিডিঅ’ ক্লিপ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে যাৰ পিছত ৰাতিটোৰ ভিতৰতে কৰা তালাচীত মূল অভিযুক্তসহ ২৪ জন লোকক গ্ৰেপ্তাৰ কৰা হয়। এই ঘটনাক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিন্দা প্ৰকাশ কৰে আৰু লগতে আৰক্ষীক ক্ষিপ্ৰতাৰে ঘটনাৰ তদন্ত কৰি দোষিৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা লবলৈ নিৰ্দেশ দিয়ে।