হোজাইত গঁড়ৰ শিঙৰ চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ

হোজাইত গঁড়ৰ শিঙৰ চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ

অনলাইন বাৰ্তাসেৱা – কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভৰ বন কৰ্মীয়ে হোজাইৰ পৰা এজন লোকক উদ্যানখনত গঁড়ৰ শিঙৰ চোৰাং ব্যৱসায়ত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা লোকজনক হোজাই জিলাৰ নীলবাগান অঞ্চলৰ মোঃ ৰহিমুদ্দিন বুলি চিনাক্ত কৰা হৈছে। ৰহিমুদ্দিনৰ বিৰুদ্ধে অবৈধ গঁড়ৰ শিঙৰ ব্যৱসায়ৰ দুটা গোচৰ ৰুজু কৰা হৈছিল।

কাজিৰঙাৰ পূব অসম বন্যপ্ৰাণী বিভাগৰ ডিএফঅ’ ৰমেশ কুমাৰ গোঁহাইয়ে কয়, “কিছু তথ্যৰ ভিত্তিত বন কৰ্মীয়ে অভিযান আৰম্ভ কৰি নীলবাগানৰ পৰা গঁড়ৰ শিঙৰ চোৰাং ব্যৱসায়ী জনক গ্ৰেপ্তাৰ কৰে। ইয়াৰ আগতে, তেওঁক একে ধৰণৰ অপৰাধৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল।” ইয়াৰ লগে লগে কাজিৰঙাবন কৰ্মীয়ে গ্ৰেপ্তাৰ কৰা গঁড়ৰ শিঙৰ চোৰাং ব্যৱসায়ীৰ মুঠ সংখ্যা আজিলৈকে ২৩ জনলৈ বৃদ্ধি পাইছে।