হে’ ঈশ্বৰ…ৰূপালী মহন্ত

হে’ ঈশ্বৰ…

সুধিছো তোমাক
শান্তিৰ শেষত
মোৰ শব্দৰ মালাধাৰি
হ’বনে গাথা
প্ৰাণৰ আকুতিৰে
কৰিলো পুৱা-গধুলি
কত’নো পূজা
এতিয়া ক্ষণ নাই
ধূপ-ধুনা নৈবেদ্যৰে
জনাবলৈ সেৱা
শান্ত এতিয়া।
সময় ক’ত??
ৰ’দৰ তীব্ৰতাত
দু:সহ বেদনাৰে
জীৱনক মহীয়ান কৰা
হিচাপ বহীখনত
আৰু নিলিখো
শেষ অৰ্ঘলৈ বেছিপৰ নাই
হে ঈশ্বৰ!
ৰহনসনা কথাবোৰ
শুনিবৰ সময় ক’ত?
জীৱন জিৰণি লোৱাৰ সময়
নিদ্ৰাভংগ নহয় কেতিয়াও
তুমি দিয়া গুণবোৰ
এৰিলো সকলো
দাম্ভিকতা কপটতাত
মগ্ন নহওঁ
শান্তিৰ চৰাই দুটি
গ’লগৈ বহু দূৰলৈ
মন্দিৰৰ পৰা
ওলাই আহিলো
শান্তি বিচাৰি
হে’ ঈশ্বৰ আশীৰ্বাদ দিবানে??

ৰূপালী মহন্ত