হেৰোৱা অতীতৰ স্মৃতি — মঞ্জুষা শৰ্মা

pc-youtube

হেৰোৱা অতীতৰ স্মৃতি।
নিশিতা সঁচাই এগৰাকী প্ৰকৃত মহিলা ৷ সকলো দিশতেই সমানেই দক্ষ ৷ সুন্দৰ ভাৱে চলাই নিছে গৃহস্থালি আৰু চাকৰি ৷ তাৰ সমানে সমানে বাৰীত শাক – পাচলি , ফুল আৰু সন্তানটি ৷ কোনোটোকেই অকণো অৱহেলা নকৰাকৈ নিয়াৰিকৈ দিনবোৰ অতিবাহিত কৰি আহিছে ৷হঠাৎ সমগ্ৰ পৃথিৱীখন স্তব্ধ হৈ পৰাৰ সমান্তৰালকৈ নিশিতাৰ জীৱনৰ ৰুটিনখনো যেন কিছু পৰিমাণে হ’লেও স্তব্ধ হৈ পৰিল ৷ যিখন ৰুটিন মানি দিনতো কটাইছিল এতিয়া তাত যেন কিছু শিথিলতা আহি পৰিল ৷ অহাটোকেতো স্বাভাৱিক । কাৰণ আগৰ যি দৌৰাদৌৰিকৈ ঘৰৰ কামৰ লগত সন্তানৰ সকলো কাম শেষ কৰি চাকৰিলৈ গৈছিল এতিয়া ক’ৰণাৰ বাবে সেই অধ্যায়টোতু থমকি ৰৈ গ’ল ৷ গতিকে নিশিতাই তাইৰ দৈনিক ৰুটিনখন কিছু সলাই তাৰ ঠাইত টিভিৰ ছিৰিয়েল দুখন চাবলৈ ল’লে ৷ সেইদিনা নিশিতাই পুত্ৰ বুমনৰ সৈতে ১-৩০বজাত দিয়া ’স্বাভিমান’ নামৰ ছিৰিয়েলখন চাই থাকোতেই বুমনে মাকক সেইটোনো কি বস্তু আৰু আমাৰ ঘৰলৈ এনে বস্তু নাহে কিয় বুলি সুধিলে ৷ প্ৰথমে নিশিতাই একো উৱাদিহ পোৱাই নাছিল ৷ পিছতহে বুজিলে যে আৰাধ্যাক অচিনাকি লোকজনে দিয়া চিঠিৰ খামটোৰ কথা সুধিছে ৷ তেতিয়া নিশিতাই বুমনক ক’লে যে সেইখন এখন চিঠি ৷ বুমনে মাকক চিঠিৰ বিষয়ে অলপ বহলাই বুজাই দিবলৈ কোৱাত নিশিতা ৰৈ গ’ল ৷নিশিতাই তেতিয়াহে উপলব্ধি কৰিলে যে আজিৰ যান্ত্ৰিকতাৰ যুগত বহুতো সৰু সৰু অথচ লাগতিয়াল কথাই নৱ প্ৰজন্মই নজনাকৈ থাকি গৈছে ৷লাহে লাহে এইবোৰ যেন অটল গহ্বৰত এদিন নোহোৱা হৈ যাব ৷ নিজৰ ভাব সাগৰত ডুব যোৱা দেখি বুমনে পুনৰ মাত মতাত নিশিতা বাস্তৱতালৈ ঘূৰি আহিল ৷ তেওঁ ক’বলৈ ধৰিলে বুমন আজিৰ বিজ্ঞানৰ যুগত ইমান ডাঙৰ পৃথিৱীখনৰ পৰিসৰ একেবাৰে সৰু হৈ পৰিল ৷সকলো মোবাইল আৰু কম্পিউটাৰৰ সহায়ত কম সময়তে লাভ কৰিব পৰা হ’ল ৷ কিন্তু আমাৰ দিনত এইটো সম্ভৱ নাছিল জানা ৷ এতিয়া তোমালোকে এই মোবাইলটোৰ জৰিয়তেই অপেক্ষা নকৰাকৈ একে সময়তে হোৱা ঘটনা দেখা বা শুনা ! সি য’তেই নহঁওক কিয় ৷ আমি জানা এই দুটা আখৰেৰে গঠিত চিঠি নামৰ কাগজ খনলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিব লগীয়া হয় প্ৰায় ১৫/২৫ দিন পৰ্যন্ত ৷ কোনো এজন ব্যক্তিৰ মনৰ ভাৱবোৰ কিছুমান বৰ্ণৰ দ্বাৰা শব্দলৈ পৰিৱৰ্তন হয় আৰু এই অৰ্থপূৰ্ণ শব্দবোৰ মিলি বাক্যৰ ৰূপ পায় ৷ যেতিয়া এই বাক্যবোৰ সুন্দৰ আৰু সাৱলীল ৰূপত লিখি নিৰ্দিষ্ট ব্যক্তিলৈ প্ৰেৰণ কৰা হয় তেতিয়াই ই হৈ পৰে চিঠি ৷ এই চিঠিখনে মানুহৰ সুখ – দুখ , দুৰ্ঘটনা , জন্ম – মৃত্যু , পুৰস্কাৰ , বিবাহ আদি বিভিন্ন ধৰণৰ কথাই কঢ়িয়াই আনে ৷ এতিয়া তোমালোক বিদ্যালয়লৈ যাব নোৱাৰিলে যেনেকৈ বন্ধুৰ পৰা সেইদিনটোৰ সকলোবোৰ মোবাইলৰ সহায়ত কপি কৰি পোৱা ৷ আমি আকৌ এইবোৰ চিঠিৰ সহায়ত এজনীয়ে আন এজনীলৈ দিছিলোঁ ৷ অনুপস্থিত থকাজনীয়ে কিয় অহা নাই বা কেতিয়া আহিব তাক জনাই ওচৰৰ এজনীৰ হাতত এখন পত্ৰ দিয়ে ৷ আনজনীয়েও উত্তৰত সকলো জনাই সেই পত্ৰবাহকৰ হাতত দি পঠিয়াই ৷ অ’ আৰু এটা কথা কি জানা তোমালোকে এনেদৰে দিওঁতে তোমালোকৰ বানানৰ যি ভুল সি শুদ্ধও নহয় বা মনতো নাথাকে ৷কিন্তু আমি এবাৰ পঢ়িহে পুনৰ চিঠিত লিখো বাবে আমাৰ বানানো শুদ্ধ হয় আৰু মনতো ৰয় ৷ মুঠতে চিঠি লিখাৰ অভ্যাসৰ ফলত আমাৰ এটা খুব ভাল অনুশীলন হৈছিল। কাৰণ চিঠি লিখাৰ ফলত সময়ৰ মূল্য বুজা , আখৰ ভাল হোৱা , বানান শুদ্ধ হোৱা , পঢ়ি লিখাৰ বাবে মনত ৰোৱা আদিৰ সুবিধা হৈছিল ৷ এখন বগা কাগজত লিখা এই চিঠিবোৰ এটা পেকেটত ভৰাই দি এফালে যিজনলৈ দিয়া হয় তেওঁৰ সম্পূৰ্ণ ঠিকনা আৰু আনফালে সৰুকৈ লিখাজনৰ নাম থাকে ৷ তেতিয়া এই চিঠিবোৰ লেফাফা ,প’ষ্টকাৰ্ড , ইংলেণ্ড লেটাৰ আদিৰ জৰিয়তে দিয়া হৈছিল ৷ এতিয়া থূলমূলকৈ হ’লেও চিঠিৰ বিষয়ে বুজি পালানে ? ক’ৰণাই যেতিয়া আমাক আগৰ অৱস্থা ঘূৰাই দিব তেতিয়া তুমি আইতাৰ ঘৰলৈ গৈ এইবোৰ চাই বুজি ল’বা ৷ কাৰণ আইতায়ে এই চিঠিৰ নমুনাবোৰ বৰ সযত্নে আপুৰুগীয়া সম্পদ ৰূপে ৰাখিছে ৷
মঞ্জুষা শৰ্মা | 9954894124.