হেলথ চিটী হস্পিতালৰ এক বৃহৎ সাফল্য

pc-Facebook

হেলথ চিটী হস্পিতালৰ এক বৃহৎ সাফল্য

অনলাইন বাৰ্ত্তাসেৱা– গুৱাহাটী হেলথ চিটী হস্পিতালে সমগ্ৰ বিশ্বতেই দুশতকৈও কম চিনাক্ত হোৱা মহিলাৰ জৰায়ুৰ এক বিৰল কেঞ্চাৰৰ সফল অস্ত্ৰোপচাৰ সম্পন্ন কৰি গৌৰৱ অৰ্জন কৰিলে। জৰায়ুৰ প্ৰাইমেৰী পেৰিফেৰিয়েল টি চেʼল লিমফʼমা নামৰ এই বিৰল কেঞ্চাৰৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয় মেনʼপেজ (ৰজঃনিবৃত্তি) ঘটা এগৰাকী ৫৫ বছৰ বয়সীয়া মহিলাৰ।হেলথ চিটী হস্পিতালৰ জেষ্ঠ্য কেঞ্চাৰ শল্য চিকিৎসা বিশেষঞ্জ ডাঃ পংকজ ডেকাই সফল অস্ত্ৰোপচাৰ সম্পন্ন কৰি কয় যে ৰজঃনিবৃত্তিৰ পাছতো মহিলাগৰাকীয়ে অস্বাভাৱিক ৰক্তস্ৰাৱত ভুগিছিল। এই কেঞ্চাৰবিধ প্ৰাথমিকভাৱে লসিকা গ্ৰন্থিত হোৱা তেজৰ কেঞ্চাৰ। দেহৰ আন অংশতো হʼব পৰা এই কেঞ্চাৰবিধ মহিলাগৰাকীৰ জৰায়ুত হৈছিল। দ্ৰুতগতিত শৰীৰৰ আন অংশলৈ বিয়পিব পৰা এই কেঞ্চাৰৰ যথা সময়ত অস্ত্ৰোপচাৰ নকৰিলে ৰোগীৰ জীৱনলৈ সংকট নামি আহিব পাৰে।এই ৰেগীগৰাকীৰ ক্ষেত্ৰত তেওঁৰ জৰায়ু আৰু জৰায়ুৰ প্ৰায় ২.৩ কিলোমিটাৰ ওজনৰ টিউমাৰ আৰু কেঞ্চাৰ বিয়পিব পৰা স্থানসমূহ গুচাই দিয়া হৈছে। এই অস্ত্ৰোপচাৰত ডাঃ ডেকাক হেলথ চিটী হস্পিতালৰ স্ত্ৰী আৰু প্ৰসূতিৰোগ বিশেষজ্ঞ ডাঃ কল্পনা চৌধুৰীয়ে সহযোগিতা আগবঢ়োৱা বুলি উল্লেখ্য কৰে। বৰ্তমান ৰোগীগৰাকীয়ে সম্পূৰ্ণ সুস্থ হʼবলৈ কেমʼথেৰাপী আৰু ৰোডিঅʼথেৰাপী লৈ থাকিব লাগিব বুলি ডাঃ পংকজ ডেকাই প্ৰকাশ কৰে।

(RT)