হৃদয়ৰ আহ্বান- দ্বীপশিখা শৰ্মা

Pc Freepik

“হৃদয়ৰ আহ্বান”

 মন মোৰ উত্ৰাৱল হৈছে
তোমাৰ মৃদু সান্নিধ্য ৰ বাবে,
প্ৰিয় ৰাগিণীৰ,
অন্তহীন আলাপৰ মাজত বিলীন হ’বলৈ।
হৃদয় ব্যাকুলতাৰে ভৰি পৰিছে
তোমাৰ হৃদয়স্পৰ্শী মৰমৰ উমান ল’বলৈ,
হৃদয়ৰ প্ৰতিটো স্পন্দনত
অনুভৱ হয়, তোমাৰ স্থায়িত্ব।
বুজাব নোৱাৰোঁ
মোৰ হৃদয়ৰ অবুজ বতৰা
যি তোমাৰ অনুপস্থিতিত
পল পল অনুভৱ হয়
এজাপ নিসংগতা।
সেইবাবেইটো আজি হৃদয়ে সহাৰি জনায়
হৃদয়ৰ আহ্বান
বিলীন হ’ব খোজোঁ তোমাৰ পাৰাপাৰহীন,
হৃদয়ৰ মাজত।
দ্বীপশিখা শৰ্মা
নগাঁও (ভোটাই গাওঁ)